Jorhat Pulibor police: পথৰ কাষত মৰা গৰু পেলাবলৈ আহি ৰাইজৰ ৰোষত আৰক্ষী - ভুৰাকলা আৰ্দশ গাঁও
🎬 Watch Now: Feature Video
যোৰহাট, 1 জুন : এখন বিশেষ গাড়ীক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যোৰহাট পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত ভুৰাকলা আদৰ্শ গাঁৱত । গেলি যোৱা গৰু পথৰ কাষত পেলাবলৈ আহি ৰাইজৰ ৰোষত পৰে আৰক্ষী । এনে ধৰণৰ গৰ্হিত কাম কাম কৰিছে পশ্চিম যোৰহাটৰ পুলিবৰ থানাৰ আৰক্ষীয়ে । পুলিবৰ আৰক্ষীয়ে নিজেই চলাই আনিছিল BR28GA-8333 নম্বৰ এখন উৱলি যোৱা তথা গেলা গোন্ধৰে পৰিপূৰ্ণ গৰু ভৰ্তি ট্ৰাকখন (Truck loaded with dead cows in Jorhat) ।
পুলিবৰ আৰক্ষী থানাৰ এটা দলে মৰি যোৱা গৰুসমূহ গাঁৱৰ পথৰ কাষত পেলাবলৈ লোৱা কথা গম পাই উক্ত স্থানত সমৱেত হয় গাঁৱৰ ৰাইজ । পুলিবৰ আৰক্ষীৰ এনে কৰ্মকাণ্ডক লৈ গৰজি উঠে স্থানীয় ৰাইজ । পুলিবৰ আৰক্ষীক এই সন্দৰ্ভত জৱাবদিহি কৰে স্থানীয় ৰাইজে । ৰাইজৰ উগ্ৰৰূপ দেখি আৰক্ষী লোকসকল ঘটনাস্থলীৰ পৰা পলাবলৈ লোৱাৰ সময়তে স্থানীয় ৰাইজে আৱদ্ধ কৰে আৰক্ষীক । আৰক্ষীৰ এনে কাৰ্যক ধিক্কাৰ জনাই গাঁওখনৰ ৰাইজে ।
তাৎপৰ্যপূৰ্ণ যে, মৰা গৰু ভৰ্তি তথা উৱলি যোৱা অৱস্থাত থকা ট্ৰাকখন কাৰ নিৰ্দেশত আৰক্ষীয়ে উক্ত গাঁৱৰ পথৰ কাষত পেলাবলৈ আনিছিল সেয়া এক ৰহস্যজনক বিষয় হৈ পৰিছে (Jorhat Pulibor police) । এনেদৰে এখন গেলা গৰু ভৰ্তি ট্ৰাকৰ গৰুসমূহ পেলোৱাৰ নামত পুলিবৰ আৰক্ষীৰ সৈতে বৃহৎ অংকৰ ধন লেনদেন হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । আনহাতে আৰক্ষীয়ে মত প্ৰকাশ কৰিছে যে গাঁৱৰ প্ৰধানৰ অনুমতি লৈয়ে উক্ত স্থানত গৰুসমূহ পেলাবলৈ লৈ অহা হৈছিল । কি কাৰণত পুলিবৰ আৰক্ষীয়ে উক্ত স্থানক মৰা গৰুসমূহ পেলাবলৈ বাচি ল’লে সেয়া সময়তহে স্পষ্ট হৈ পৰিব ।
লগতে পঢ়ক : Rhino stuck in mud : বোকাত আৱদ্ধ গঁড়ক উদ্ধাৰৰ চেষ্টা বন বিভাগৰ