দোকানত কৰ্মচাৰী ৰখাৰ আগত দহবাৰ ভাবক; মিহিৰ ডালমিয়ালৈ বিপদ মাতিলে কৰ্মচাৰীয়ে - Jorhat crime news
🎬 Watch Now: Feature Video


Published : Nov 29, 2023, 9:45 PM IST
যোৰহাট, 29 নৱেম্বৰ: যোৱা 25 নৱেম্বৰৰ নিশা যোৰহাটৰ মাৰোৱাৰীপট্টিত সংঘটিত হোৱা ডকাইতিকাণ্ড সন্দৰ্ভত সফলতা লাভ কৰিছে আৰক্ষীয়ে ৷ কিদৰে হৈছিল এই ডকাইতি ? কেনেদৰে পৰিকল্পনা কৰা হৈছিল সমগ্ৰ ঘটনাৰ ? সেই কথা ৰাজহুৱা কৰিলে যোৰহাট আৰক্ষী অধীক্ষক মোহন লাল মীনাই । আৰক্ষীয়ে জনোৱা মতে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ কৰ্মচাৰী জড়িত আছিল এই কাণ্ডত ৷
ডকাইতিকাণ্ড সংঘটিত হোৱাৰ এঘন্টা আগতেই জাহ্নৱী টেক্সটাইলৰ কৰ্মচাৰী উপেন সৰকাৰে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বতাধিকাৰী মিহিৰ ডালমিয়াই কেতিয়া দোকান বন্ধ কৰিব আৰু কেতিয়া ওলাই যাব সকলো তথ্য দিছিল অন্য কেইজন সতীৰ্থক । সেই মতে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ ওচৰতে থকা এখন পান দোকানৰ ওচৰত ৰৈ ডকাইতিকাণ্ডৰ পৰিকল্পনাক সফল কৰি তুলিছিল ।
যোৰহাট আৰক্ষীয়ে চাৰিদিন ধৰি চলোৱা নিৰিৱচ্ছিন্ন তদন্ত আৰু অভিযানৰ অন্তত বুধবাৰে পুৱতি নিশা শিৱসাগৰ পলাশনিৰ পৰা ডকাইতিকাণ্ডত জড়িত অভিজিত সৰকাৰক গ্ৰেপ্তাৰ কৰে । অনহাতে ডকাইতিকাণ্ডটোত জড়িত ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ কৰ্মচাৰী উপেন সৰকাৰ আৰু আন এজন নাবালককো গ্ৰেপ্তাৰ কৰে ।
ব্যৱসায়ীজনক আক্ৰমণ কৰি কাঢ়ি লৈ যোৱা 16.5 লাখ টকাৰ ভিতৰত 4.54 লাখ টকা আৰু ডকাইতিকাণ্ডত ব্যৱহাৰৰ কৰা দুখন বাইকৰ লগতে অন্যান্য সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী । অৱশ্যে বিপ্লৱ কাকতি, দীপাংকৰ দাস, ৰাহুল পাল নামৰ অন্য তিনিটা ডকাইত পলাতক অৱস্থাত আছে ৷ শীঘ্ৰেই এই তিনি ডকাইতক গ্ৰেপ্তাৰ কৰা হ'ব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে । মঙলবাৰে যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামী আৰু শিৱসাগৰ আৰক্ষীৰ যুটীয়া অভিযানত এই সফলতা লাভ কৰা হয় ।