ASU protest in Jorhat: অসমীয়া মাধ্যমক ধ্বংস কৰাৰ ষড়যন্ত্ৰ চৰকাৰৰ; আছু - অসমীয়া মাধ্যমক ধ্বংসৰ ষড়যন্ত্ৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 8, 2023, 9:30 PM IST

যোৰহাট, 4 এপ্ৰিল : পুনৰ গৰজি উঠিছে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছু ৷ মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত অংক আৰু বিজ্ঞানৰ পাঠ্যক্ৰম ইংৰাজী ভাষাত কৰাৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে শনিবাৰে যোৰহাট জিলা ছাত্ৰ সন্থাই জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখত এক বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে (Jorhat ASU protest against Assam education department) ৷ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত যোৰহাট জিলা ছাত্ৰ সন্থাৰ বহু বিষয়-ববীয়াও অংশগ্ৰহণ কৰে ৷

এই প্ৰতিবাদস্থলীৰ পৰা যোৰহাট জিলা ছাত্ৰ সন্থা সাধাৰণ সম্পাদক অৰ্জুন মণি ভূঞাই কয়, ‘‘অসম চৰকাৰৰ শিক্ষা বিভাগে অসমীয়া মাধ্যম নিঃশেষ কৰাৰ ষড়যন্ত্ৰৰ লগত জড়িত হৈ পৰিছে ৷ সেয়ে প্ৰাথমিক স্তৰতেই বিভিন্ন পাঠ্যক্ৰমত ইংৰাজী ভাষা প্ৰয়োগ আৰম্ভ কৰিছে । ফলত শিক্ষাৰ্থীসকল বিমোৰত পৰাৰ পৰিলক্ষিত হৈছে’’ । সেয়ে অনতি পলমে চৰকাৰে গ্ৰহণ কৰাৰ উক্ত হঠকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান জনায় ৷ অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে (ASU protest in Jorhat)।

যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখত গ্ৰহণ কৰা এই বিক্ষোভ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থা সহকাৰী সাধাৰণ সম্পাদক জিতু নেওগ, কাৰ্যনিবাহক সদস্য দীপ দত্ত আৰু যোৰহাট জিলা ছাত্ৰ সন্থা সাধাৰণ সম্পাদক অৰ্জুন মণি ভূঞাসহ কেবাগৰাকীও আছু সদস্য উপস্থিত থাকে ৷

লগতে পঢ়ক : Congress MLA resignation : প্ৰদেশ কংগ্ৰেছত তিনি বিধায়কৰ বিদ্ৰোহ ! দলীয় বিষয়-বাৱৰ পৰা পদত্যাগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.