thumbnail

By

Published : Jun 18, 2023, 10:50 AM IST

ETV Bharat / Videos

Fake Currency seized : যোৰাবাটত জব্দ বৃহৎ পৰিমাণৰ নকল নোট

গুৱাহাটী, 18 জুন: ৰাজ্যৰ বিভিন্ন প্ৰান্তত নকল টকা আৰু নকল সোণৰ নাৱৰ ব্যৱসায় অব্যাহত থকা পৰিলক্ষিত হৈছে । শেহতীয়াকৈ শনিবাৰে যোৰাবাট আৰক্ষীৰ জালত পৰে এক নকল নোট সৰবৰাহকাৰী । যোৰাবাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলোৱা হৈছিল নকল নোটৰ বিৰুদ্ধে এই অভিযান ।

যোৰাবাটৰ আঠমাইলৰ গণেশ মন্দিৰৰ সমীপৰ পৰা নকল নোটসহ আৰক্ষীয়ে আটক কৰে জীয়াউৰ ৰহমান নামৰ 26 বছৰীয়া সৰবৰাহকাৰীটোক । লগতে জব্দ কৰা হয় 24 লাখ 50 হাজাৰ টকাৰ নকল 500 টকীয়া নোট ।

লখিমপুৰৰ লালুকৰ পৰা নকল নোটৰ বিনিময়ত আচল নোট নিবলৈ আহি সৰবৰাহকাৰীটো আৰক্ষীৰ জালত পৰে বুলি জানিবলৈ পৰা গৈছে । ঘটনা সন্দৰ্ভত যোৰাবাট আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক : Angoorlata Deka at Matia : জোনালী নাথৰ হত্যাকাৰীক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ দাবী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.