Uruka Celebration : উৰুকাত মাছ বিক্ৰীৰ বাবে সাজু জোঙালবলহু মীনপাম - Jongalbalahu Garh Fish farm ready to sell fish
🎬 Watch Now: Feature Video
শনিবাৰে ভোগালী বিহুৰ উৰুকা (Bhogali Bihu Uruka celebration in Assam) । প্ৰতি বছৰৰ দৰে এইবাৰো ভোগালী বিহুৰ উৰুকাত সুলভ মূল্যত মাছ বিক্ৰী কৰিবলৈ সাজু হৈছে ৰহাৰ জোঙালবলহু গড় চৰকাৰী মীনপাম (Jongalbalahu Garh Fish farm ready to sell fish) । প্ৰতি বছৰে চৰকাৰী মীনপামখনে ভোগালীৰ উৰুকাত ৰাইজক ৰৌ, ভকুৱা, ছিলভাৰ কাৰ্প আদি মাছৰ যোগাান ধৰি আহিছে ।
বিগত বানে মীনপামখন বিস্তৰ ক্ষতি কৰাৰ বাবে এইবাৰ মাত্ৰ বিছ কুইণ্টল মাছহে বিক্ৰী কৰিব মীনপামখনে (Raha Jongalbalahu Garh Government Fish farm) । এইবাৰ প্ৰতি কেজি মাছত ১৬০ টকাৰ পৰা ৪০০ টকা মূল্য নিৰ্ধাৰণ কৰা হৈছে ।
মাছ বিক্ৰীৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছ মীনপামখন । উৰুকাৰ দিনা পুৱা সাত বজাৰ পৰা মাছ বিক্ৰী কৰা হ'ব । ইতিমধ্যে কাউণ্টাৰত শাৰী শাৰী কৰি মোনা থোৱা দেখিবলৈ পোৱা গৈছে ।