জোনাইৰ কৃষ্ণৰ মৃত্যু অন্ধ্ৰপ্ৰদেশত, ঘৰলৈ মৃতদেহ অনাত অসুবিধা দৰিদ্ৰ পৰিয়ালটোৰ - জোনাই যুৱক অন্ধ্ৰ প্ৰদেশত মৃত্যু
🎬 Watch Now: Feature Video


Published : Dec 7, 2023, 8:06 PM IST
জোনাই, 7 ডিচেম্বৰ : পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ ৷ অন্ধ্ৰপ্ৰদেশত মৃত্যু ধেমাজি জিলাৰ জোনাইৰ এজন যুৱকৰ ৷ যুৱকজনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত ।
জানিব পৰা মতে জোনাইৰ তেলাম মধুপুৰ গাঁৱৰ নিবাসী কৃষ্ণ মিছং নামৰ যুৱকজনে বিগত কিছু বছৰ পূৰ্বে কৰ্মসূত্ৰে অন্ধ্ৰপ্ৰদেশলৈ ঢাপলি মেলে ৷ কিন্তু বুধবাৰে আবেলি কৰ্মস্থলীত যুৱকজনে নিজৰ কৰ্তব্য পালন কৰি থাকোতে বিদ্যুস্পৃষ্ট হৈ আকস্মিক মৃত্যুক সাৱটি লয় ৷ যুৱকজনৰ এনে মৃত্যুত তেলাম মধুপুৰ গাঁৱত শোকৰ ছাঁই বিৰাজ কৰিছে ।
ইফালে দৰিদ্ৰ পৰিয়ালটোৱে যুৱকজনৰ মৃতদেহটো নিজ বাসগৃহলৈ আনিবলৈ সক্ষম নোহোৱাত চিন্তিত হৈ পৰিছে ৷ গতিকে অসম চৰকাৰৰ লগতে স্থানীয় বিধায়ক তথা স্থানীয় দল-সংগঠনৰ সহযোগত যুৱকজনৰ মৃতদেহটো নিজ বাসগৃহলৈ অনাৰ ব্যৱস্থা কৰি দিবলৈ কাতৰ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে ।
লগতে পঢ়ক : ভুল চিকিৎসাত শিশুৰ মৃত্য়ুক লৈ উত্তপ্ত জোনাই