Three mile forest block office:তিনিমাইল বন খণ্ড কাৰ্যালয়ত নাই বিদ্যুৎ সেৱা! - জোনাই বনাঞ্চলিক বিষয়া কাৰ্যালয়
🎬 Watch Now: Feature Video
Published : Oct 14, 2023, 10:03 AM IST
জোনাই, ১৪ অক্টোবৰ : আজিও বিদ্যুৎ সেৱাৰ বঞ্চিত হৈ আছে জোনাই বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত তিনিমাইল বন খণ্ড কাৰ্যালয় । বছৰ বছৰ ধৰি কোনো ধৰণৰ বিদ্যুৎ সেৱাৰ অবিহনেই পবা বনাঞ্চলৰ ভিতৰত থকা তিনিমাইল বন খণ্ড কাৰ্যালয়ৰ বনৰক্ষী আৰু কৰ্মচাৰীসকলে পাৰ কৰিছে দিন-নিশা । বনৰীয়া হাতীকে ধৰি বিভিন্ন জীৱ-জন্তুৰ বিচৰণ ভূমি পবা সংৰক্ষিত বনাঞ্চলৰ মূল্যৱান গছ-গছনিৰ লগতে বিভিন্ন জীৱ-জন্তুক সুৰক্ষা দি আহিছে বনকৰ্মীসকলে । অতি গুৰুত্বপূৰ্ণ এই তিনিমাইল বন খণ্ড বিষয়া কাৰ্যালয়ত বিদ্যুৎ সেৱা যোগান নথকাৰ বাবে বনকৰ্মীসকলৰ মাজত দেখা দিছে ভীষণ সমস্যাই ।
অৱশ্যে বিগত কিছু বছৰৰ পূৰ্বে কাৰ্যালয়খনত বিদ্যুৎ বিভাগে যোগান ধৰিছিল এটা সৌৰচাকি ৷ কিন্তু বছৰ যোৱাৰ লগে লগে এই সৌৰচাকিটোও এতিয়া পৰিত্যক্ত হৈ পৰিছে । মন কৰিবলগীয়া বিষয় যে, বন খণ্ড কাৰ্যালয়ৰ পৰা মাত্ৰ এক কিলোমিটাৰ দূৰৈত আছে ট্ৰান্সফৰ্মাৰ, কিন্তু আজিকোপতি কাৰ্যালয়খনত বিদ্যুৎ বিভাগে সংযোগ নকৰিলে বিদ্যুৎ সেৱা ।
লগতে পঢ়ক : Jonai news: স্বচক্ষে নেদেখিলে অনুমান কৰিব নোৱাৰি উন্নয়নৰ স্তৰ !