74 th Republic day celebrated in Assam: ডিব্ৰুগড়ত ৰাজহ মন্ত্ৰী যোগেন মহনৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন - ডিব্ৰুগড়ত ৭৪ সংখ্যক গণৰাজ্য দিৱস

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 26, 2023, 1:39 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ডিব্ৰুগড়, 26 জানুৱাৰী: সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যখনতো উলহ-মালহেৰে পালন কৰা হৈছে ৭৪ সংখ্যক গণৰাজ্য দিৱস (74 th Republic day celebrated in Assam)৷ ৭৪ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ডিব্ৰুগড়তো আয়োজন কৰা হয় গণৰাজ্য দিৱসৰ ৷ এই অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজহ মন্ত্ৰী যোগেন মহনে (Minister Jogen Mohon in Dibrugarh) । ডিব্ৰুগড় চহৰৰ উপকন্ঠ খনিকৰ খেলপথাৰত প্ৰথমবাৰলৈ অনুষ্ঠিত কৰা হয় গণৰাজ্য দিৱসৰ কাৰ্যসূচী ৷ গণৰাজ্য দিৱসৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী যোগেন মহনে । বীৰ শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে মন্ত্ৰীগৰাকীয়ে সেনা, আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰে ।  

ইয়াৰ পাচতে মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা (Jogen Mohon hoisted the national flag in Dibrugarh)। ইয়াৰ পিছতে তেওঁ ডিব্ৰুগড়বাসীক সম্বোধন কৰি ভাষণ প্ৰদান কৰে ৷ ভাষণত ৰাজহ মন্ত্ৰীগৰাকীয়ে স্বাধীনতা সেনানী বীৰ শ্বহীদ সকলক স্মৰণ কৰে । মন্ত্ৰীগৰাকীয়ে কয় যে, ডিব্ৰুগড়তো অহা ২৪ মাৰ্চত ভাৰতৰ নেতৃত্বত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় জি-২০ সন্মিলন (G 20 Summit)। এই সন্মিলনৰ জৰিয়তে অসমে বিকাশৰ দিশে এক নতুন গতি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । 

ইয়াৰ উপৰিও মন্ত্ৰী মহনে ভাষণত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কেতবোৰ গুৰুত্বপূৰ্ণ আঁচনি সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি কাৰ্যকৰী ৰূপ দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী যোগেন মহনে । উল্লেখযোগ্য যে, আজি ডিব্ৰুগড় জিলা প্ৰশাসনে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে গণৰাজ্য দিৱসৰ । গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত জিলাখনৰ বহু কেইখন বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । আনহাতে ডিব্ৰুগড় জিলাৰ প্ৰতিটো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হৈছে ৭৪ সংখ্যক গণৰাজ্য দিৱস ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.