Japanese encephalitis in Assam : আমগুৰিত এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ: চিকিৎসাধীন যুৱক - আমগুৰিত এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 3, 2023, 1:57 PM IST

আমগুৰি, 3 জুলাই : শিৱসাগৰ জিলাৰ আমগুৰিত এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ৷ দেওধাই পথৰুৱা চুকৰ ৰম্পুৰাজ ফুকন (35) নামৰ যুৱকজন আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছ ৰোগত ৷ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে যোৰহাট মেডিকেল কলেজত ৷ 

উল্লেখ্য যে, বাৰিষা অহাৰ লগে লগে অসমত জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । যোৱা বছৰো দেওধাই গাঁৱত এগৰাকী কিশোৰী জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল । এইবছৰো বাৰিষা অহাৰ লগে লগে দেওধাই গাঁৱত এই ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱাত অঞ্চলবাসী আতংকিত হৈ উঠিছে । 

দুৰ্ভাগ্যজনক বিষয় যে, ম'ৰাবজাৰ স্বাস্থ্য বিভাগে অঞ্চলবাসীক সজাগ কৰাৰ বাবে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনে কোনো সজাগতামূলক ব্যৱস্থা নকৰাৰ অভিযোগ তুলিছে স্থানীয় লোকে । ৰাইজে প্ৰশাসন আৰু স্বাস্থ্য বিভাগক বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে । 

লগতে পঢ়ক : Sudakshina sharma is no more : অন্তিম শয়নত সুকণ্ঠী গায়িকা সুদক্ষিণা শৰ্মা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.