মাজুলীত বৰদিনক লৈ বিতৰ্ক, ৩৫ খন সত্ৰৰ বিপৰীতে ৬৫ টা গীৰ্জা স্থাপন হোৱাক লৈ উদ্বেগ

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 11:01 AM IST

Updated : Dec 24, 2023, 11:39 AM IST

thumbnail

মাজুলী, ২৪ ডিচেম্বৰ: কাইলৈ খ্ৰীষ্টান ধৰ্মালম্বী লোকসকলৰ পবিত্ৰ বৰদিন । সমগ্ৰ বিশ্বৰ লগতে অসমৰ বিভিন্ন প্ৰান্ততো চলিছে ব্যাপক প্ৰস্তুতি । ব্যতিক্ৰম নহয় মাজুলী । অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ সত্ৰ নগৰী মাজুলীৰ ৬৫ টা গীৰ্জাত চলিছে বৰদিনৰ ব্যাপক প্ৰস্তুতি। সজাই পৰাই তোলা হৈছে গীৰ্জাসমূহ । কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে গীৰ্জাসমূহ । সত্ৰ নগৰী মাজুলীত কেৰলৰ ধ্ৱনিৰে মুখৰিত হৈ থকাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দাক্ষিণপাট গৃহাস্বামী সত্ৰৰ সত্ৰীয়া জনাৰ্দন দেৱ গোস্বামীয়ে ।  

তেওঁ কয় সত্ৰ নগৰী মাজুলীত ৩৫ খন সত্ৰৰ বিপৰীতে ৬৫ টা গীৰ্জা আৰু এই ৬৫ টা গীৰ্জাত বৰদিন পাতিবলৈ লোৱাটো মাজুলীবাসীৰ দুৰ্বলতা । লগতে সত্ৰীয়াগৰাকীয়ে কয় যে বহিৰাগত শক্তি মাজুলীত পদাৰ্পণ কৰাৰ পাছত যি ধর্মান্তকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে সেইয়া সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰলৈ এক ভাবুকি । ইয়াৰ প্ৰতিকাৰ হিচাপে মাজুলীবাসী সজাগ হ’ব লাগিব আৰু ওলাই আহিব লাগিব । কোনো দল সংগঠনে ৰাজপথত প্ৰতিবাদ কৰি ইয়াক প্ৰতিহত কৰিব নোৱাৰি বুলি মন্তব্য সত্ৰীয়াগৰাকীৰ ।

লগতে পঢ়ক: সত্ৰপীঠ মাজুলীত কেৰলৰ ধ্বনি

Last Updated : Dec 24, 2023, 11:39 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.