Jan Sampark Abhiyan of AIUDF : ধুবুৰীত AIUDF ৰ বাবে বিজেপি কোনো ফেক্টৰ নহয়, বিধায়ক আশ্ৰাফুল হুছেইন - AIUDF SLAMS cONGRESS IN Bilasipara

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 11:24 AM IST

ধুবুৰী, 23 ছেপ্টেম্বৰ: ভাৰত-বাংলাদেশ সীমান্তৰ ধুবুৰী লোকসভা সমষ্টিত সম্প্ৰতি বলিবলৈ লৈছে নিৰ্বাচন কেন্দ্ৰিক গৰম বতাহ । বিলাসীপাৰাৰ ছুৱাপাতা দ্বিতীয় খণ্ড গাঁৱত শুকুৰবাৰৰ নিশা AIUDF দলে জনসম্পৰ্ক অভিযানৰ সৈতে সংগতি ৰাখি এক জনসভা অনুষ্ঠিত কৰে । দলটোৰ কেইবাজনো বিধায়ক উপস্থিত থকা সভাখনত বিধায়ক আশ্ৰাফুল হুছেইনে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় ।

হুছেইনে বিৰোধী মিত্ৰজোঁট 'INDIA' ত দাড়ীৱালা-টুপীৱালাৰ কোনো স্থান নাই বুলি বিস্ফোৰক মন্তব্য কৰে । তেওঁ আৰু কয় যে, কংগ্ৰেছে 15 বছৰ ৰাজত্ব কৰি অসমৰ জনতাক এছিয়াৰ ভিতৰত সৰ্ববৃহৎ ডিটেনশ্বন কেম্প উপহাৰ দিছে । লগতে ধুবুৰী লোকসভা সমষ্টি পুনৰ AIUDF শীৰ্ষ বদৰুদ্দিন আজমলৰ দখললৈ যাব বুলিও দাবী কৰে । 

AIUDF ৰ বাবে ধুবুৰীত বিজেপি কোনো ফেক্টৰ নহয় বুলি মন্তব্য কৰে চেঙা সমষ্টিৰ বিধায়কগৰাকীয়ে । কংগ্ৰেছক সম্পূৰ্ণৰূপে নস্যাৎ কৰি হুছেইনে 24 ৰ লোকসভা নিৰ্বাচনত ধুবুৰীসহ নগাঁও, কৰিমগঞ্জ লোকসভা সমষ্টিও দলটোয়ে দখল কৰিব বুলি মন্তব্য কৰে । একেখন জনসভাত পূৱ বিলাসীপাৰা সমষ্টিৰ AIUDF বিধায়ক ছামছুল হুদাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই বিজেপিৰ এজেন্ট হৈ কাম কৰি আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ।

লগতে পঢ়ক : Ripun Bora on BJP govt; বিজেপি চৰকাৰখন ডকাইত আৰু লুটপাতৰ চৰকাৰহে : ৰিপুন বৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.