thumbnail

কাকজানত উজনি অসম ভিত্তিত ইস্তেমাৰ আয়োজন

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 5:43 PM IST

টীয়ক, ১২ ডিচেম্বৰ : অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত কাকজানত তিনিদিনীয়া কাৰ্যসূচীৰে ইস্তেমাৰ আয়োজন কৰা হৈছে । উজনি অসম ভিত্তিত ইছলামধৰ্মী লোকসকলৰ অন্যতম পবিত্ৰ অনুষ্ঠান এই ইস্তেমাৰ আয়োজন কৰা হৈছে । এই উপলক্ষে মঙলবাৰে কাকজান দ-গাঁৱত ইস্তেমা অনুষ্ঠিত হ'বলগীয়া পথাৰত ৰাইজ উপস্থিত হৈ আনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কৰে ।

এই লাইখুঁটা স্থাপন অনুষ্ঠানতে অনাগত দিনত অনুষ্ঠানখনি অন্ত নপৰালৈকে ৰাইজে শ্ৰমদান কৰাৰ সংকল্প লয় । উল্লেখ্য যে উজনি অসমৰ প্ৰায় দহখন জিলাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল, নাগালেণ্ডক সামৰি প্ৰায় সাত লক্ষাধিক ইছলামধৰ্মী লোক এই ইস্তেমাত সমবেত হোৱাৰ সম্ভাৱনা আছে ।

সেয়ে হিন্দু-মুছলমানৰ সমন্বয়ৰ বসতিস্থল কাকজানত উভয় সম্প্ৰদায়ৰ সহায়-সহযোগত এই বৃহৎ অনুষ্ঠানখনি সাফল্যমণ্ডিত কৰাত অঞ্চলটোৰ সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে ।

লগতে পঢ়ক :উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি ৰাজ্যিক নিৰ্বাচনী আয়োগৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.