গোৰেশ্বৰত চৰকাৰী অনুদান লাভৰ পৰা বঞ্চিত বহু বানপীড়িত - গোৰেশ্বৰত চৰকাৰী অনুদান লাভৰ পৰা বঞ্চিত বহু বানপীড়িত ৰাইজ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 23, 2022, 8:45 AM IST

Updated : Feb 3, 2023, 8:27 PM IST

শেহতীয়া বানে ৰাজ্যখনৰ বিভিন্ন জিলাৰ সমান্তৰালভাৱে তামুলপুৰ জিলাৰ গোৰেশ্বৰতো সাধন কৰিছিল বিস্তৰ ক্ষয়-ক্ষতি । ভয়ানক বানৰ ফলত গোৰেশ্বৰৰ কেইবাখনো ৰাজহ গাঁ‌ৱৰ শ-শ পৰিয়ালৰ লোকে নিজৰ ঘৰ-মাটি হেৰুৱাই সৰ্বস্বান্ত হোৱা পৰিলক্ষিত হৈছে । এনে সময়তে ৰাজ্য চৰকাৰে বানপীড়িত পৰিয়ালবোৰৰ পুনৰ সংস্থাপনৰ বাবে প্ৰতিটো পৰিয়াললৈ মুকলি কৰি দিয়ে ৯৫ হাজাৰকৈ টকাৰ আৰ্থিক অনুদান (Financial assistance to flood victims)৷ কিন্তু লক্ষণীয়ভাৱে চৰকাৰী এই অনুদান লাভৰ পৰা বঞ্চিত হৈছে বহু বানপীড়িত পৰিয়াল । বানপীড়িতৰ তথ্য সংগ্ৰহ তথা জৰীপৰ দায়িত্বত থকা মণ্ডল আৰু গাঁ‌ওবুঢ়াৰ বিৰুদ্ধে ৰাইজে প্ৰকাশ কৰিছে মুকলি ক্ষোভ ৷ বানপীড়িত ৰাইজৰ তথ্য সংগ্ৰহৰ দায়িত্বত থকা মণ্ডল আৰু গাঁ‌ওবুঢ়াই স্বজন-তোষণ নীতিৰে হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰাৰ অভিযোগ উত্থাপিত কৰিছে চৰকাৰী বান সাহায্য লাভৰ পৰা বঞ্চিত বানপীড়িত লোকে । সোমবাৰে গোৰেশ্বৰৰ নিজ-কাউৰবাহাৰ কেইবাটাও বঞ্চিত পৰিয়ালৰ লোকে গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ চক্ৰ বিষয়াৰ আগত ক্ষোভ উজাৰে ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.