Conflict in Assam Congress: কংগ্ৰেছৰ তিতাবৰ ব্লকৰ সভাপতিৰ দায়িত্বক লৈ উত্তাল ৰাজীৱ ভৱন - ব্লকৰ সভাপতিৰ দায়িত্বক লৈ উত্তাল ৰাজীৱ ভৱন
🎬 Watch Now: Feature Video
যোৰহাট, ৬ আগষ্ট: তিতাবৰ ৰাজীৱ ভৱনত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । তিতাবৰ চাহ মজদুৰ আদিবাসী কংগ্ৰেছৰ তিতাবৰ ব্লকৰ সভাপতিৰ দায়িত্ব গনেশ কুৰ্মীক দিয়াৰ পাচতেই জাঙুৰ খাই উঠিছে তিতাবৰৰ ব্লকৰ ১৬ খনকৈ মণ্ডলৰ চাহ মজদুৰ কংগ্ৰেছ কৰ্মীসকল । চাহ মজদুৰ আদিবাসী কংগ্ৰেছৰ তিতাবৰ ব্লকৰ অন্তৰ্ভুক্ত নোহোৱা গণেশ কুৰ্মীক সভাপতিৰ দায়িত্ব দিয়াত ক্ষোভ ফাটি পৰে চাহ মজদুৰ কংগ্ৰেছ কৰ্মীসকল ।
গণেশ কুৰ্মীক কোনো কাৰণতে তিতাবৰ চাহ মজদুৰ আদিবাসী কংগ্ৰেছ কৰ্মীয়ে সভাপতি হিচাপে মানি নলয় । যদি এইক্ষেত্ৰত শীঘ্ৰে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই বিষয়টো ওপৰত গুৰুত্ব দি এক সু ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অনাগত দিনত এইসকল কংগ্ৰেছ কৰ্মীয়ে বিকল্প চিন্তা চৰ্চা কৰাৰ হুংকাৰ দিয়ে ।
তিতাবৰ চাহ মজদুৰ আদিবাসী কংগ্ৰেছে ১৬ খন মণ্ডলত কংগ্ৰেছৰ কোনো ধৰণৰ সাংগঠনিক কাম-কাজত সহযোগিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । এনে পৰিস্থিতিত অসম কংগ্ৰেছ কমিটীৰ সম্পাদক ৰাতুল কুৰ্মী উপস্থিত থাকে যদিও এইসকল খঙত অগ্নিশৰ্মা কংগ্ৰেছ কৰ্মীক শান্ত কৰিবলৈ চূড়ান্তভাৱে ব্যৰ্থ হয় ।
এতিয়া অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই কি ভূমিকা পালন কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব । উল্লেখ্য় যে যোৰহাট বিজেপিত ক্ষমতাকেন্দ্ৰিক তথা জিলা সভাপতিগৰাকী কাম কাজত ক্ষুণ্ণ হৈ কেইবাজনো বিজেপি বিষয়ববীয়াই বিষয় বাব এৰি এক বিসম্বাদ সৃষ্টি কৰিছিল ৷ সম্প্ৰতি কংগ্ৰেছো সেই দিশেৰেই গতি কৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে ৷
লগতে পঢ়ক:Amrit Bharat Railway Station Scheme: নাৰেংগী ৰে'ল ষ্টেচনৰ ভাৰ্চুৱেলি আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ