Titabar municipality: কংগ্ৰেছত যোগদান দুই বিজেপিত্য়াগী সদস্যৰ; ভংগ হ’ব তিতাবৰ পৌৰসভা !

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 7:13 PM IST

thumbnail

যোৰহাট, ২৭ আগষ্ট: যোৰহাট জিলা কংগ্ৰেছ ভৱনত দেওবাৰে বিজেপিত্য়াগী দুই পৌৰ সদস্যই কংগ্ৰেছত যোগদান কৰে । ফলত তিতাবৰ পৌৰসভা ভংগ হোৱাৰ দিশে আগবাঢ়িছে । দুৰ্নীতি অনিয়মৰ অভিযোগ তুলি তিতাবৰ পৌৰসভাৰ ৮নং ৱাৰ্ড পৌৰ সদস্য নিপা লাহন আৰু ১০ নং ৱাৰ্ড সদস্য ৰাজীৱ দত্তই বিজেপি ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে । 

আজি যোৰহাট জিলা কংগ্ৰেছ ভৱনত অনুষ্ঠিত এক বিশেষ সভাত জিলা কংগ্ৰেছৰ সভাপতি পতুল বৰগোঁহাই উপস্থিত দুয়োগৰাকী বিজেপি বাৰ্ড সদস্যই কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰে ।  

উল্লেখ্য় যে ৰাজীৱ দত্ত বিজেপি নেতৃত্বাধীন তিতাবৰ পৌৰসভা প্ৰাক্তন পৌৰপতি আছিল । বৰ্তমান পৌৰপতিৰ কাম-কাজত অসন্তুষ্ট হৈ বিগত সময়ত পৌৰসদস্য ৰাজীৱ দত্ত আৰু নিপা লাহনে বিজেপি দলৰ প্ৰাথমিক সদস্য পৰা পদত্যাগ কৰিছিল । দলৰ শীৰ্ষ নেতৃত্বই দুই পদত্যাগী ৱাৰ্ড সদস্যই উত্থাপন কৰাৰ সকলো সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও কোনো ধৰণৰ প্ৰতিশ্ৰুতি পালন নকৰাত তেওঁলোক ক্ষুব্ধ হৈ কংগ্ৰেছত যোগদান কৰে ।  

দুয়োগৰাকী সদস্যক শীৰ্ষ নেতৃত্বই গুৱাহাটীলৈ মাতি নি কোনো ধৰণৰ গুৰত্ব প্ৰদান নকৰা অভিযোগ তুলিছিল বিজেপি দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা দুই পৌৰ সদস্যই । সেই ময়তে দুয়োগৰাকী ৱাৰ্ড সদস্য়ই তিতাবৰবাসী ৰাইজৰ উন্নয়ন স্বাৰ্থত প্ৰয়োজন হ'লে অনাগত দিনত কংগ্ৰেছক তিতাবৰ পৌৰসভা গঠন বাবে মুকলিকৈ সমৰ্থন দিয়া কথাৰো ঘোষণা কৰিছিল ।

তাপৰ্যপূৰ্ণ যে যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাৰ স্বেচ্ছাচাৰিতা অভিযোগ উথাপন কৰি বহু কেইজন নেতাই জিলা বিজেপিৰ শীৰ্ষ বিষয়বাবৰ পৰা ইতিমধ্যে পদত্যাগ কৰিছে । যোৰহাট বিজেপিত সৃষ্টি হোৱা এনে সংঘাতে পৰৱৰ্তী সময়ত কি পৰ্যায় পাইগৈ সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ।

লগতে পঢ়ক:Sanjay Kishant: তিতাবৰত দুৰ্ভগীয়া শ্ৰমিক ভাস্কৰৰ বাসগৃহত মন্ত্ৰী সঞ্জয় কিষাণ; 6 লাখ টকাৰ সাহায্য প্ৰদান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.