Scam in Titabar municipality: ভংগ হোৱাৰ দিশে বিজেপি নেতৃত্বাধীন তিতাবৰ পৌৰসভা ! - Scam in Titabar municipality
🎬 Watch Now: Feature Video
যোৰহাট, ২২ জুলাই : ভংগ হোৱাৰ দিশে বিজেপি নেতৃত্বাধীন তিতাবৰ পৌৰসভা । দুৰ্নীতি-অনিময়ৰ অভিযোগ উত্থাপন কৰি দুজন ৱাৰ্ড মেম্বাৰ পদত্যাগ কৰাৰ লগে লগে এনে শংকা প্ৰকাশ পাইছে । পৌৰপতিৰ কাম কাজত অসন্তুষ্ট হৈ বিজেপি দলৰ প্ৰাথমিক সদস্য পৰা পদত্যাগ কৰে তিতাবৰ পৌৰসভাৰ প্ৰথমজন প্ৰাক্তন বিজেপি পৌৰপতি তথা বৰ্তমানৰ ১০ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ ৰাজীৱ দত্তৰ লগতে ৮ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ নিপা চুটীয়া লাহনে ।
দলৰ শীৰ্ষ নেতাই দুই পদত্যাগী ৱাৰ্ড কমিছনাক সকলো সমস্যা সমাধান কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও কোনো প্ৰতিশ্ৰুতি পালন নকৰিলে । শুক্ৰবাৰে গুৱাহাটীলৈ তিতাবৰ পৌৰসভাৰ বিজেপিৰ সকলো ৱাৰ্ড কমিছনাক মাতি নি আলোচনা কৰিছিল যদিও বিজেপিৰ দখলত থকা তিতাবৰ পৌৰসভাৰ দুই পদত্যাগী বিজেপি ৱাৰ্ড কমিছনাৰ আৰু পৌৰপতিৰ মাজত হোৱা বিদ্ৰোহ নাইকীয়া কৰাত বিফল হ'ল ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ লগতে ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণী শৰ্মা ।
ইয়াৰ উপৰি বিজেপি শীৰ্ষ নেতাই দুই পদত্যাগী ৱাৰ্ড কমিছনাক গুৱাহাটীলৈ মাতি নি কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে প্ৰাক্তন বিজেপি পৌৰপতি তথা ৱাৰ্ড কমিছনা ৰাজীৱ দত্তই । আজি তিতাবৰৰ প্ৰাক্তন পৌৰপতি ৰাজীব দত্তই কয় যে প্ৰয়োজন হ'লে অনাগত দিনত ৰাইজৰ উন্নয়নৰ স্বাৰ্থত কংগ্ৰেছক তিতাবৰ পৌৰসভা গঠনৰ বাবে মুকলিকৈ সমৰ্থন দিব ।
উল্লেখ্য যে যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাৰ সেচ্ছাৰিতাৰ অভিযোগ উত্থাপন কৰি বহু কেইজন নেতাই বিজেপিৰ বিষয়বাবৰ পৰা পদত্যাগৰ ঘটনা মাৰ নৌওযাওঁতেই আজি দুজন বাৰ্ড মেম্বাৰে পদত্যাগে দলটোক অধিক সংকটলৈ থেলি দিলে বুলি সৰ্বত্ৰে চৰ্চা হৈছে ।
লগতে পঢ়ক:CM vigilence team operation : মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ দুই চৰকাৰী বিষয়া
TAGGED:
Scam in Titabar municipality