thumbnail

Army worm in paddy fields:ওদালগুৰিত শূঁৰপোকৰ আক্ৰমণত কৃষকৰ হাহাকাৰ

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 6:29 PM IST

ওদালগুৰি, ১০ নৱেম্বৰ: আঘোণৰ পথাৰত ওদালগুৰিৰ কুঁহিয়াৰকুছিৰ বিস্তীৰ্ণ কৃষিপথাৰত শূঁৰপোকে আক্ৰমণ কৰাত কৃষকে মূৰে কপালে হাত দিবলগীয়া হৈছে । জিলাখনৰ খৈৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত শ-শ বিঘা খেতি পথাৰত দেখা গৈছে শূঁৰপোকৰ আক্ৰমণ । জিলাখনৰ সীমান্তৱৰ্তী কুঁহিয়াৰকুছি, সাৰেং,মাল্ডাংপাৰাসোহেনীপাৰা, বৰিপাৰাবৈনাৰা আদি গাঁৱৰ শ শ বিঘা ধাননিপথাৰ এতিয়া শূঁৰপোকে খাই এফালৰ পৰা তহিলং কৰিছে‌ । দিনত হলে ধানৰ চোপত লুকাই থাকি সন্ধিয়া শ শ শূঁৰপোকে ধাননিপথাৰ ভৰি পৰেহি । 

কৃষক সকলে শূঁৰপোক নিয়ন্ত্ৰণ কৰিবলৈ বিভিন্ন ধৰণৰ ঔষধ প্ৰয়োগ কৰিছে যদিও সফল হ'ব নোৱাৰি মূৰে-কপালে হাত দিছে । এইক্ষেত্ৰত তেওঁলোকে ক্ষতিপূৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰ তথা বিটিআৰ চৰকাৰলৈ আহ্বান জনাইছে । আনহাতে, শূঁৰপোকৰ আক্ৰমণ কৰাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে কৃষি বিষয়াসকলে খেতিপথাৰ পৰিদৰ্শন কৰি কৃষক সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে ইয়াৰ পৰা কেনেদৰে হাত সাৰিবলৈ পাৰি তাৰ বিষয়ে কৃষক সকল পৰামৰ্শ আগবঢ়াইছে ।

লগতে পঢ়ক:Insects in paddy fields : চহা কৃষকৰ সোণোৱালী সপোনত পোকৰ ত্ৰাস

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.