thumbnail

Insects found in hotel food : গোলাঘাটৰ উৎসৱ হোটেলৰ খাদ্যত পোক ওলোৱাৰ অভিযোগ; হোটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে ৰুজু গোচৰ

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 2:30 PM IST

Updated : Nov 6, 2023, 4:20 PM IST

যোৰহাট, 6 নৱেম্বৰ : ৰেস্তোঁৰাৰ খাদ্য আপোনাৰ প্ৰিয় নেকি ? বিশেষকৈ ৰেস্তোঁৰাৰ খাদ্যৰ ভিতৰত ম’ম’ নিশ্চয় সকলোৰে প্ৰিয় এবিধ খাদ্য ৷ কিন্তু সাৱধান ! ম’ম’ খোৱাৰ আগতে 100 বাৰ ভাবক ৷ কাৰণ গোলাঘাটৰ "উৎসৱ" নামৰ বিলাসী হোটেলৰ পৰা অৰ্ডাৰ কৰি ঘৰলৈ অনা ম’ম’ত ওলাইছে এইবাৰ পোক ৷ এই অভিযোগ উত্থাপিত কৰিছে দেৰগাঁৱৰ ৰঙামাটিৰ এটা অভিজাত পৰিয়ালে । ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে উক্ত ম’ম’ দোকানখন বিৰুদ্ধে দেৰগাঁও থানাত গোচৰ তৰিছে ।

বিৱৰণি অনুসৰি, দেৰগাঁৱৰ ৰঙামাটিৰ এটা অভিজাত পৰিয়ালে গোলাঘাটৰ "উৎসৱ" নামৰ বিলাসী হোটেলখনৰ পৰা ক্ৰয় কৰি ঘৰলৈ আনিছিল ম’ম’ । পৰিয়ালৰ সকলোৰে মিলি খাবলৈ লওতেই ম’ম’ৰ ভিতৰত ওলাই পোক ৷ তাৰ পাচতে হোটেলখনে গ্ৰাহকক খাদ্য দিয়াৰ নামত কৰা এই কু-কৰ্ম বিৱৰি ছ’চিয়েল মিডিয়াত এক পোষ্ট শ্বেয়াৰ কৰে ভুক্তভোগী গ্ৰাহকে । কিন্তু এই পোষ্টটো ছ’চিয়েল মিডিয়াত দিয়া লগে লগে সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ ৷

পৰৱৰ্তী পৰ্যায়ত হোটেল কৰ্তৃপক্ষই অনুনয়-বিনুনয় কৰি ভুক্তভোগী পৰিয়ালক উক্ত পোষ্টটো ডিলিট কৰিব দিবলৈ কয় । এই পোষ্টটো ভুক্তভোগী পৰিয়ালটোৱে ডিলিট কৰাৰ পাচতে অতি চাতুৰীৰে হোটেল কৰ্তৃপক্ষই গ্ৰাহকৰ বিৰুদ্ধে ওলোটাই দিয়ে এটা ফেচবুক পোষ্ট ৷

আনকি হোটেল কৰ্তৃপক্ষই ভুক্তভোগী গ্ৰাহকৰ বিৰুদ্ধে মানহানিৰ গোচৰ দিয়াৰ হুংকাৰ দিয়ে । এই অভিযোগ ভুক্তভোগী পৰিয়ালটোৰ ৷ পৰৱৰ্তী পৰ্যায়ত ভুক্তভোগী গ্ৰাহকে সত্য পৰিস্ফূট হোৱা স্বাৰ্থত কাষ চাপিছে দেৰগাঁও আৰক্ষীৰ । অৱশ্যে কোন সঁচা, কোন মিছা সেয়া আৰক্ষীৰ প্ৰকৃত তদন্ততহে স্পষ্ট হ'ব ।

লগতে পঢ়ক : Bhubon Pegu reacts on AIUDF : 2024 ত হ’ব শেষৰখন শৰাইঘাটৰ ৰণ; বিধায়ক ভূৱন পেগু

Last Updated : Nov 6, 2023, 4:20 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.