মাজুলীত তেজেৰে লুতুৰি-পুতুৰি আঘাতপ্ৰাপ্ত গঁড়ৰ মুক্ত বিচৰণ - Injured wild Rhino in Majuli
🎬 Watch Now: Feature Video
Published : Nov 24, 2023, 1:49 PM IST
মাজুলী, 24 নৱেম্বৰ : মাজুলীত আতংক ৷ কিয়নো তেজেৰে লুতুৰি-পুতুৰি হৈ ইটো চাপৰিৰ পৰা সিটো চাপৰিলৈ মুক্ত বিচৰণ কৰিছে এটা আঘাতপ্ৰাপ্ত গঁড়ে ৷ জানিব পৰা মতে, শুকুৰবাৰে পুৱাৰ ভাগত এই গঁড়টোক স্থানীয় লোকে প্ৰত্যক্ষ কৰিছে কাৰ্তিক চাপৰিত ৷
স্থানীয় লোকে দিয়া তথ্যৰ আধাৰতে গঁড়টোক বিচাৰি বন বিভাগে অভিযান চলাই আছে ৷ কিন্তু বাতৰি যুগুত কৰা পৰ্যন্ত গঁড়টোৰ কোনো সম্ভেদ লাভ কৰা নাই বন বিভাগৰ দলে ৷ ইফালে আঘাতপ্ৰাপ্ত গঁড়টোৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে চাপৰিত বসবাস কৰা লোকসকল ।
স্থানীয় ৰাইজে উল্লেখ কৰা মতে, এখন ভৰিত কষ্ট পাইছে গঁড়টোৱে আৰু সেই ভৰিখনৰ পৰাই অহৰহ তেজ নিৰ্গত হৈ আছে ৷ আনহাতে, বন বিভাগৰ লোকে গঁড়টোৰ সন্ধান অব্যাহত ৰাখিছে যদিও গঁড়টোৰ কোনধৰণৰ তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই । নিজৰ মাজতে যুঁজ লাগিয়ে গঁড়টো আঘাতপ্ৰাপ্ত হ’ল নে চিকাৰীৰ গুলী লাগিহে আঘাতপ্ৰাপ্ত হ’ল সেই বিষয়েও তথ্য নাই বন বিভাগৰ হাতত ।
বাতৰি লিখা পৰত, কমলাবাৰী ঘাটৰ পৰা কাৰ্তিক চাপৰিলৈ ৰাওনা হৈছে বন বিভাগৰ লোক । পৰৱৰ্তী সময়তহে লাভ সকলো তথ্য পোহৰলৈ আহিব ৷
লগতে পঢ়ক : হাতীৰ ত্ৰাসৰ মাজতে দেখা দিলে গঁড়ে