এটা মানৱসদৃশ মুখমণ্ডলৰ ছাগলীয়ে কাঢ়িছে দৃষ্টি, ভাইৰেল হৈছে ফটো-ভিডিঅ’

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 5:07 PM IST

thumbnail

ইন্দোৰ, 14 ডিচেম্বৰ : মধ্য প্ৰদেশৰ ইন্দোৰ চহৰৰ এটা ছাগলীৰ পোৱালী সৰ্বত্ৰে চৰ্চিত হৈছে ৷ ছাগলীৰ পোৱালীটোৰ ফটো, ভিডিঅ’ ভাইৰেল হোৱা কাৰণ হ’ল পোৱালীটোৰ মূৰটো দেখাত প্ৰায় মানুহৰ দৰে ৷ আনহাতে ছাগলী পোৱালীটোৰ চকু দুটাও মানুহৰ চকুৰ স্থানতে দেখা দেখা পোৱা গৈছে ।

ছাগলীৰ পোৱালীটো সম্পূৰ্ণৰূপে স্বাস্থ্যৱান আৰু সুস্থ অৱস্থাত আছে ৷ অস্বাভাৱিক আকৃতিৰ ছাগলী পোৱালীটো চাবলৈ সম্প্ৰতি বহু লোকে ছাগলীজনীৰ মালিক ৰিয়া আনৱাৰৰ ঘৰত ভিৰ কৰিছে ৷

উল্লেখ্য যে, ইন্দোৰৰ চন্দন নগৰত বাস কৰা এটা পৰিয়ালৰ ঘৰত এজনী ছাগলীয়ে দুটা পোৱালী জন্ম দিছে । মালৱীয় প্ৰজাতিৰ ছাগলীটোৱে জন্ম দিয়া দুটা পোৱালীৰ এটা ছাগলীৰ মূৰটো মানুহৰ দৰে দেখা যায়। ছাগলী পোৱালীটোৰ দুয়োটা চকু সন্মুখত আৰু সংযুক্ত হৈ থকা দেখা যায় । কোনোৱা এটা মুহুৰ্তত ছাগলীৰ পোৱালীটো বান্দৰৰ মুখৰ দৰেও লাগে ৷

মালৱী প্ৰজাতিৰ ছাগলী পোৱালীটোক গৃহস্থই ৰাণী হিচাবে নামাকৰণ কৰিছে ৷ উল্লেখ্য যে মধ্য প্ৰদেশত পূৰ্বেও এনে মানৱসদৃশ ছাগলীৰ পোৱালী জন্ম হৈছিল ৷

লগতে পঢ়ক : হোৱাটছ এপ ভিডিঅ’ কলৰ বাবেই 19.23 লাখ টকা হেৰুৱালে এজন লোকে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.