চিৰাং,১৬ মে': চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত তুলসীঝৰা গাঁৱৰ সমীপৰ আইনৈত মঙলবাৰে সম্ভাব্য বানৰ সময়ত জনসাধাৰণে ল'বলগা ব্যৱস্থা সম্পৰ্কে আৰু বানপানীৰ সময়ত নিজক কেনেদৰে বচাব পৰা যাব তাৰ ওপৰত ভাৰতীয় সেনাই এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু এছ এছ বিৰ সহযোগত অনুশীলন প্ৰদৰ্শন কৰে (Indian Army mock drills in Ai River in Chirang) ৷
এই অনুষ্ঠানত অসম ৰাজ্যিক দুৰ্যোগ প্ৰমশমন বিভাগৰ উপ-মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ উপাধ্যায় মুখ্য অতিথিৰূপে উপস্থিত থাকি ভাষণত কয় যে, অসমত সাধাৰণতে মে' মাহৰ পৰা অক্টোবৰ মাহলৈকে বৰষুণ হৈ থকাৰ ফলত সময়ে সময়ে বানৰ সৃষ্টি হয় (Army flood resque mockdrill) ৷ বানৰ ফলত বাবে বহু সমস্যাৰ সৃষ্টি হয়(Indian Army mock drill) ৷
ইয়াৰ পৰিপ্ৰেক্ষিতত বানপানীৰ সময়ত জনসাধাৰণে কেনেদৰে নিজক প্ৰস্তুত কৰিব আৰু নিজৰ হোৱাৰ বাবে কেনেকুৱা পন্থা ল'ব পাৰে তাৰ ওপৰত এই অনুশীলনৰ ব্যৱস্থা কৰা হয় ৷ ভাৰতীয় সেনাই চিৰাং জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা যৌথ অনুশীলন কাৰ্যসূচীত চিৰাং, বঙাইগাঁও আৰু ধুবুৰীৰ কেবাখনো শিক্ষানুষ্ঠানৰ এন চি চি কেডেট, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশ গ্ৰহণ কৰে (Indian Army mock drill to deal with flood situation) ৷
অনুষ্ঠানটোত ভাৰতীয় সেনা বিভাগে বানপানীৰ সময়ত কৰি অহা কামৰ ক্ষতিয়ান দাঙি ধৰে ৷ অনুষ্ঠানটোত অসম ৰাজ্যিক দুৰ্যোগ প্ৰমশমন বিভাগৰ উপ-মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ উপাধ্যায়, বিটিচিৰ পৰিষদীয় সদস্য মাধৱ চন্দ্ৰ চেত্ৰী, চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত অজিত কুমাৰ শৰ্মা, এছ এছ বিৰ ১৫ নং বেটেলিয়নৰ কমাণ্ডেন্ট নীৰজ চান্দ, বিজনীৰ মহকুমাধিপতি অভিষেক জৈনসহ ভালেকেইজন বিষয়া উপস্থিত থাকে ৷
লগতে পঢ়ক: SI Junmoni Rabha : নিশা কোন আৰক্ষী বিষয়াই জোনমণিৰ ঘৰৰ পৰা জব্দ কৰিছিল এক লাখ টকা? মাতৃৰ ভাষ্যই সৃষ্টি কৰিছে ৰহস্যৰ