IAF drill In Jorhat: ৩৬ শ কিলোমিটাৰ আন্ত:ৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষাত অতন্দ্ৰ প্ৰহৰীৰ ৰূপত ভাৰতীয় বায়ুসেনা

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 10:07 PM IST

thumbnail

যোৰহাট, 22 আগষ্ট : যোৰহাট বায়ু সেনা ঘাটিত যুঁজাৰু বিমানৰ কলা কৌশল, অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰ প্ৰদৰ্শন । ৩৬ শ কিলোমিটাৰ আন্ত:ৰাষ্ট্ৰীয় সীমান্তৰ সুৰক্ষাত অনবদ্য বৰঙণি যোৰহাটস্থিত ভাৰতীয় বায়ুসেনাৰ 43 স্কোৱাড্ৰনৰ । চীনা যুদ্ধ, কাৰ্গিল যুদ্ধ, পাকিস্থানৰ বিৰুদ্ধে হোৱা আক্ৰমণত বিশেষ ভূমিকা থকা যুঁজাৰু বিমানো এই বিমান ঘাঁটিত অন্তৰ্ভুক্ত হৈছে ।

হেলিকপ্টাৰৰ পৰা ৰচীৰে নামি কামাণ্ড বাহিনীৰ কৌশল । AN 32, Sukhoi, আদি সষ্টম হৈ আছে যি কোনো পৰিস্থিতিৰ বাবে । Eastern air command ৰ অধীনস্থ যোৰহাটস্থিত বায়ু সেনা বাহিনীৰ 43 স্কোৱাড্ৰনৰ যি শক্তি সেয়া প্ৰদৰ্শন কৰা হ’ল সংবাদ মাধ্যমৰ আগত ।

বিভিন্ন যুঁজাৰু বিমান, কামাণ্ডৰ কলা কৌশল, বিভিন্ন অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ প্ৰদর্শন আৰু এইবোৰৰ বৰ্ণনা দিলে বায়ু সেনাৰ বিষয়াই । তাৎপৰ্য্যপূৰ্ণ যে চীনৰ অগ্ৰাসী মনোভাৱক প্ৰতিহত কৰিবলৈ যোৰহাট ৰৰৈয়া বিমান ঘাঁটিত অত্যধুনিক যুঁজাৰু বিমান, হেলিকপ্টাৰ, স্বদেশী ৰাডাৰ লগতে বহু প্ৰযুক্তিগত কৌশল, অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ ইয়াত সংযোজন কৰা হৈছে ।

আনহাতে দেশৰ নিৰাপত্তাৰ খাতিৰত উক্ত বিমান ঘাটিত থকা বিভিন্ন কৌশল আৰু স্বদেশী, বিদেশী যুঁজাৰু বিমানৰ কথা প্ৰকাশ কৰাৰ পৰা বিৰত থাকে বায়ু সেনা বাহিনী । আনহাতে তেওঁলোকে জানিবলৈ দিয়ে যে ৰাছিয়াত নিৰ্মিত যুঁজাৰু বিমান Sukhoi Su-30 আত্মনিৰ্ভৰ ভাৰতৰ অধীনত ভাৰতত নিৰ্মাণ কৰি থকা হৈছে ।

লগতে পঢ়ক : Dhekiakhowa Barnamghar: ঢেকীয়াখোৱা বৰনামঘৰত উদুলি-মুদুলি পৰিৱেশ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.