thumbnail

By

Published : Aug 15, 2022, 7:09 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

ETV Bharat / Videos

টীয়কত 76 সংখ্যক স্বাধীনতা দিৱস উদযাপন

সমগ্ৰ দেশৰ লগতে আজি টীয়কতো টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্যোগত, টীয়ক পৌৰসভা আৰু টীয়কবাসী ৰাইজৰ সহযোগত টীয়কৰ অসম ৰাজ্যিক বাছ আস্থানৰ চৌহদত ৭৬ সংখ্যক স্বাধীনতা দিৱস উলহ মালহেৰে উদযাপন কৰা হয় (76th years of Independence Day celebration)। দেশবাসীয়ে উদযাপন কৰা 'আজাদি কা অমৃত মহোৎসৱ'ৰ লগত সংগতি ৰাখি উদ্যোক্তাসকলে বিগত সময়ত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছত আজি দেশৰ 76 সংখ্যক স্বাধীনতা দিৱসৰ দিনা ৰাজহ চক্ৰ বিষয়া শৌভিক ভূঞাই জাতীয় পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ আৰম্ভণি কৰে ৷ লগতে উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে (Independence Day celebration at Teok) । টীয়ক জ্যেষ্ঠ নাগৰিক সন্থাৰ হৈ চিবেন হাজৰিকাই স্মৃতি তৰ্পণ কৰা এই অনুষ্ঠানত টীয়কৰ কেইবাগৰাকীও জেষ্ঠ সাংবাদিক তথা সমাজকৰ্মী, খেলুৱৈ, মেধা ছাত্ৰ ছাত্ৰীক ৰাজহুৱাকৈ সম্বৰ্দ্ধনা জনোৱা হয় ৷ লগতে স্থানীয় শিল্পীসকলৰ দ্বাৰা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.