লিডুৰ কয়লা মাফিয়াৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান - আয়কৰ বিভাগৰ অভিযান
🎬 Watch Now: Feature Video


Published : Dec 1, 2023, 4:32 PM IST
তিনিচুকীয়া, 1 ডিচেম্বৰ : তিনিচুকীয়াত আয়কৰ বিভাগৰ অভিযান ৷ তিনি কুখ্যাৎ কয়লা মাফিয়াৰ বাসগৃহত আয়কৰ বিভাগৰ এই অভিযান ৷ লিডুৰ কুখ্যাৎ কয়লা ব্যৱসায়ী সুনীল গুৰুং, গোবিন ছেত্ৰী আৰু বায়ানি গণেশ (বি গনেশ) ৰ বাসগৃহত পুৱাৰে পৰা চলিছে আয়কৰ বিভাগৰ অভিযান ৷
শুকুৰবাৰে পুৱা প্ৰায় 7 বজাৰ পৰা চলিছে আয়কৰ বিভাগৰ এই অভিযান ৷ বাসগৃহৰ ভিতৰত অভিযান চলোৱাৰ সমান্তৰালভাৱে তিনিওজন ব্যৱসায়ীৰ বাসগৃহত আৰক্ষী আৰু চি আৰ পি এফ বাহিনীয়ে সকলো লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ৷ উল্লেখযোগ্য যে বিগত দিনসমূহত লিডু আৰু জাগুনত অবৈধ কয়লা খননৰ জৰিয়তে এই তিনিওজন অভিযুক্ত ব্যৱসায়ীয়ে বিশাল সম্পত্তি গঢ়াৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ অভিযান সন্দৰ্ভত বৰ্তমানলৈকে আন কোনো তথ্য জানিব পৰা হোৱা নাই ৷
লগতে পঢ়ক : তিনিচুকীয়াত আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক