Tabu Ram Taid statue at Ghunasuti : ঘূনাসূতিত অসমৰ ভাষা-সাহিত্য জগতৰ পুৰোধা ব্যক্তি টাবুৰাম টাইদৰ পূৰ্ণ আবক্ষ মূৰ্তি উন্মোচন

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 2:22 PM IST

thumbnail

লখিমপুৰ, 31 অক্টোবৰ : অসমৰ সাহিত্য জগতৰ অন্যতম পুৰোধা ব্যক্তি ভাষাবিদ ড৹ টাবুৰাম টাইড ৷ ভাষাবিদ ড৹ টাবুৰাম টাইডে নিজৰ অনন্য সৃষ্টিৰাজিৰ মাজেৰে অসমীয়া ভাষা-সাহিত্য জগতৰ ভঁৰাল চহকী কৰি থৈ গৈছে । সেয়ে মিচিং সাহিত্য সভাৰ উদ্যোগত আয়োজিত 39 সংখ্যক মিচিং ভাষা দিৱসৰ লগত সংগতি ৰাখি ঘূনাসূতিৰ মিৰি জীয়ৰী মহাবিদ্যালয়ৰ প্ৰাংগনত আগম মিগাং টাবুৰাম টাইডৰ এটা আবক্ষ মূৰ্তি মঙলবাৰে উন্মোচন কৰা হয় ।

লখিমপুৰৰ ঘূনাসূতিত টাবুৰাম টাইদৰ পূৰ্ণ আবক্ষ মূৰ্তি উন্মোচন কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ টাবুৰাম টাইদৰ পূৰ্ণ আবক্ষ মূৰ্তি উন্মোচন অনুষ্ঠানত মন্ত্ৰী পেগুৰ সৈতে উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা । মূৰ্তি উন্মোচনৰ পাচতে এখন ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰে মন্ত্ৰী, সাংসদ, জিলা আয়ুক্ত তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ বিষয়-ববীয়াসকলে ।

উক্ত সভাত ভাষণ দি মন্ত্ৰী ৰণোজ পেগুৱে মিৰি জীয়ৰী মহাবিদ্যালয়লৈ এক কোটি টকা অনুদান আগবঢ়োৱাৰ কথা সদৰী কৰে ।

লগতে পঢ়ক : Tributes to Sardar Patel : চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী, হোজাই একতাৰ দৌৰ পালন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.