thumbnail

এইবাৰ ৰাজ্যত কমিব নেকি শীতৰ প্ৰকোপ ?

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 6:24 PM IST

গুৱাহাটী,৫ ডিচেম্বৰ : অসমত এইবাৰ হাঁড় কঁপোৱা জাৰৰ প্ৰভাৱ নাথাকিবও পাৰে ! ডিচেম্বৰ মাহতো নাই পূৰ্বৰ দৰে শীতৰ প্ৰভাৱ । এই কথা প্ৰকাশ কৰিছে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে সম্প্ৰতি দক্ষিণ ভাৰতত একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰা মিচাউঙৰ প্ৰত্যক্ষ প্ৰভাৱ নপৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ কিছু কিছু স্থানত পৰোক্ষ প্ৰভাৱ পৰিব । মিচাউঙৰ পৰোক্ষ প্ৰভাৱ হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ আকাশ কিছুদিন ডাৱৰীয়া হৈ থাকিব । অৱশ্যে ২-৩ দিনৰ ভিতৰত আকাশ পুনৰ ফৰকাল হ'ব বুলি জানিবলৈ দিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা মতে উত্তৰ-পূৰ্বাঞ্চলৰ বতৰ ফৰকাল হ'লেই শীতৰ প্ৰকোপ কিছু বাঢ়িব যদিও বতৰৰ পূৰ্বকালীন আভাস মতে ৰাজ্যত এইবাৰ শীতৰ প্ৰকোপ বহুত বেছি নাথাকিব । এই কেইদিনত উত্তৰ-পূৰ্বাঞ্চলৰ ত্ৰিপুৰা, মণিপুৰ, মিজোৰাম, অসমৰ বৰাক আদিত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব । অসমৰ বাকী অংশ আৰু উত্তৰ-পূবৰ আন আন ৰাজ্যৰ কোনো কোনো ঠাইত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :শ্বাহ আলমে কাটি তহিলং কৰিলে 80 জোপা ইউকেলিপ্টাছ গছ !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.