চোৰাংকৈ সৰবৰাহ কৰা তেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান - গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাস
🎬 Watch Now: Feature Video


Published : Nov 24, 2023, 2:33 PM IST
গোলাঘাট, 24 ডিচেম্বৰ: অবৈধভাৱে সৰবৰাহ কৰা তেলৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ অভিযান । দীৰ্ঘদিন ধৰি জিলাখনৰ চকিটিং তিনি আলীৰ ভৰত বৰা নামৰ লোকজনে ঘৰতে সংগোপনে চোৰাং তেলৰ বেহা চলাই অহাৰ অভিযোগ উত্থাপিত হৈছিল । বৃহস্পতিবাৰৰ নিশা গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলায় হাতে লোটে ধৰা পেলায় অভিযুক্তজনক ৷
গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত ট্ৰেংকাৰৰ পৰা চোৰাংভাৱে তেল উলিয়াই থাকোতে অভিযুক্তজনক আৰক্ষীয়ে কৰায়ত্ত কৰে । আৰক্ষীয়ে NL 02 N 8962 নম্বৰৰ এখন তেলৰ টেংকাৰসহ গ্ৰেপ্তাৰ কৰিছে ভৰত বৰাৰ লগতে ৰঞ্জন কুমাৰ আৰু দীনেশ পণ্ডিত নামৰ দুজনক । লগতে জব্দ কৰিবলৈ সক্ষম হৈছে তেল । বৰ্তমান আৰক্ষীয়ে তিনিওকে জেৰা চলাই অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ৷
লগতে পঢ়ক: মন্ত্ৰী বিমল বড়াৰ সমষ্টিৰ এটা পথে জলা-কলা খুৱাইছে ৰাইজক