কলিয়াবৰত মূল্যবান কাঠৰ ফান্টা ভৰ্তি বাহন জব্দ - নগাঁও বন বিভাগ
🎬 Watch Now: Feature Video


Published : Nov 30, 2023, 12:46 PM IST
নগাঁও, 30 নৱেম্বৰ : কাৰ্বি পাহাৰত বনদস্যুৰ দপদপনি। ইয়াৰ সমান্তৰালকৈ বুধবাৰে নিশা কলিয়াবৰ আৰক্ষী থানাৰ অন্তৰ্গত চতিয়ালৰ পৰা নগাঁও বন বিভাগে জব্দ কৰে গৰাকীবিহীন চোৰাংভাৱে কাঠ কঢ়িয়াই অনা এখন বাহন। এই এছ ০৩ এই চি ২২১৭ নম্বৰৰ বাহনখনেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী কাৰ্বি পাহাৰৰ পৰা কঢ়িয়াই অনা হৈছিল মূল্যবান কাঠৰ ফান্টা ৷ সম্প্ৰতি বাহনখন নগাঁও বন বিভাগে জব্দ কৰি জখলাবন্ধাত খণ্ড বন বিষয়াৰ কাৰ্যালয়ত ৰাখি থৈছে ৷
চৰকাৰৰ ব্যয়বহুল অমৃত বৃক্ষৰ বৃহৎ আঁচনিৰ জৰিয়তে গছ পুলি ৰোৱেহে ৰোৱে ৷ কিন্তু ইয়াৰ বিপৰীতে নিৰ্বিবাদে এনেদৰে বনধ্বংসই অসমৰ সেউজ পৰিৱেশ ক্ৰমাৎ নোহোৱা কৰি অহাৰ লগতে অনাগত দিনত এক ভয়াবহ পৰিস্থিতিৰ উদ্ভৱ কৰাৰ দিশে অগ্ৰসৰ হোৱাত চিন্তিত হৈছে প্ৰকৃতিপ্ৰেমী ৰাইজ ৷
লগতে পঢ়ক: জল জীৱন মিছন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ মাজত বুজাবুজি চুক্তি