Illegal timber mills seized : বিলাসীপাৰাত চোৰাং কাঠ-বালিৰ খননকাৰ্য চলোৱা মিল জব্দ - বনদস্যুৰ আৰু বালি মাফিয়াৰ দপদপনি

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 11:01 AM IST

ধুবুৰী, 20 অক্টোবৰ : ধুবুৰী জিলাৰ বিলাসীপাৰাত অব্যাহত আছে বনদস্যু আৰু বালি মাফিয়াৰ দপদপনি । নিতৌ ন-ন কৌশল অৱলম্বন কৰি একাংশ বন মাফিয়াই চোৰাং কাঠ আৰু বালিৰ খননকাৰ্য চলাই গৈছে ৷ শুকুৰবাৰে পুৱাতেই তেনে চোৰাং কাঠ বেপাৰীৰ বিৰুদ্ধে বিলাসীপাৰা মহকুমাৰ বিভিন্ন প্ৰান্তত বন বিভাগে চলাই আকস্মিক অভিযান ।

শালকোচা আঞ্চলিক বন বিষয়া কালিদাস সিনহাৰ নেতৃত্বত চলোৱা এই অভিযানত জব্দ কৰা হয় তিনিটাকৈ অবৈধভাৱে কাঠফলা মিল আৰু গৌৰাং নৈৰ বুকুত মাটি খননকাৰ্য চলোৱা দুখন মেচিন । তথ্য অনুসৰি, কাজাইকাটা ,গুটিপাৰা আৰু হাতীপোতা অঞ্চলৰ পৰা কাঠ ফালি থকা অৱস্থাতেই জব্দ কৰা হয় এই কাঠ ফলা মিল তিনিটা ।

ইয়াৰ উপৰিও অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি হাতীপোতা পাৰ ঘাটত বন বিভাগৰ চকুত ধূলি দি গৌৰাং নৈৰ বুকুৰ পৰা অবৈধভাৱে মাটি খননকাৰ্য কৰি গৈছে একাংশ লোকে ৷ শুকুৰবাৰে পুৱাতেই বন বিভাগে চলোৱা অভিযানত নৈৰ বুকুৰ পৰা অবৈধভাৱে মাটি খনন কৰা দুটা মেচিন জব্দ কৰিবলৈ সক্ষম হয় ৷

অৱশ্যে বন বিভাগৰ অভিযানৰ উমান পাই পলাই যাবলৈ সক্ষম হয় চোৰাং কাঠ বেপাৰী আৰু বালি মাফিয়া । সম্প্ৰতি বন বিভাগে জব্দ কৰা অবৈধ কাঠফলা মিল আৰু বালি খননকাৰ্য চলোৱা মেচিনসমূহ ৰোকাখাতা বন কাৰ্যালয়ত ৰখিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Dandiya in Dibrugarh : নৱৰাত্ৰিৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড়ত অনুষ্ঠিত আৰ্কষণীয় দাণ্ডিয়া নৃত্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.