আমগুৰিত চৰকাৰী ভূমিত চলিছে অবৈধ মাটি খনন - শিৱসাগৰ আৰু আমগুৰি বন বিভাগ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-11-2023/640-480-20115968-thumbnail-16x9-gyg.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 26, 2023, 10:24 AM IST
আমগুৰি, 26 নৱেম্বৰ : শিৱসাগৰ জিলাৰ আমগুৰিত চৰকাৰী ভূমিত একাংশ ভূ-মাফিয়াই অবৈধভাৱে মাটি খনন চলোৱাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অভিযোগ অনুসৰি নামতিৰ কুকুৰাছোৱাবাৰীত যোৱা এমাহ ধৰি একাংশ ভূ-মাফিয়াই চৰকাৰী ভূমিত অবৈধভাৱে মাটি খনন চলাই আহিছে । শিৱসাগৰ আৰু আমগুৰি বন বিভাগক মেনেজ কৰি ভূ-মাফিয়াৰ চক্ৰটোৱে অবৈধভাৱে মাটি খনন চলাই গৈছে বুলি অভিযোগ তুলিছে স্থানীয় লোকে ।
দিনে-নিশাই এক্সকেভেটৰ লগাই চৰকাৰী ভূমিত বৃহৎ বৃহৎ পুখুৰীৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে । জানিব পৰা মতে, নামতিৰ পলাশ আৰু বুধ নামৰ দুই ভূ-মাফিয়াৰ নেতৃত্বত চলিছে এই কাৰ্য ৷ বৃহত্তৰ নামতি অঞ্চলত অবাধে মাটি খনন চলাই বন ধ্বংসৰ লগতে চৰকাৰী ভূমি খনন চলাই বৃহৎ ৰাজহ ফাঁকি দিয়াৰো অভিযোগ উঠিছে ।
যি সময়ত ৰাজ্য চৰকাৰে চৰকাৰী ভূমি বেদখলমুক্ত কৰিছে, তেনে সময়তে আমগুৰিত চৰকাৰী ভূমিত এক্সকেভেটৰ লগাই বন ধ্বংস কৰা পৰিলক্ষিত হৈছে । স্থানীয় লোকে এই চৰকাৰী ভূমি খনন বন্ধ কৰিবলৈ দাবী জনোৱাৰ লগতে শিৱসাগৰ আয়ুক্তক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।
লগতে পঢ়ক : একেডোখৰ মাটিকে বিক্ৰী কৰিব পাৰি এজনতকৈ অধিক লোকক ! কিন্তু কেনেকৈ ?