Goalpara Syndicate: দুধনৈৰ পিচত কৃষ্ণাইত চলিছে ৰঙা বালিৰ ছিণ্ডিকেট - দুধনৈ নদী
🎬 Watch Now: Feature Video
গোৱালপাৰা, 20 আগষ্ট: গোৱালপাৰাত কুখ্যাত বালি চোৰ ছাহাবুল ইছলামৰ নেতৃত্বত অব্যাহত আছে ৰঙা বালিৰ বৃহৎ ছিণ্ডিকেট । দুধনৈ নদীৰ পিচত কৃষ্ণাই নদীত ব্যাপক হাৰত ৰঙা বালিৰ লুণ্ঠন চলাই আহিছে । বন বিভাগক কোটি কোটি টকাৰ ৰাজহ ফাঁকি দি দিনে-নিশাই চলাই আছে ৰঙা বালিৰ ক'লা ব্যৱসায় । দিনৰ পোহৰত চলি থকা এই ভয়ংকৰ লুণ্ঠন দেখিও নিমাত বন বিভাগ ৷
প্ৰাপ্ত তথ্য মতে দুধনৈ নদীৰ প্ৰায় ৮ কোটি টকীয়া মহলত বালিচোৰ চাহাবুলক লুণ্ঠন চলোৱাৰ অঘোষিত পাৰ্মিট প্ৰদান কৰিয়ে বন বিভাগ ক্ষান্ত থকা নাই । ৰঙা বালিৰ ব্যাপক লুণ্ঠনৰ বাবে কৃষ্ণাই নদীয়ো এই কুখ্যাত বালিচোৰ চাহাবুলৰ হাতত তুলি দিয়া হৈছে । RTI তথ্য অনুসৰি মাটিয়া ৰাজহ চক্ৰৰ অধীনত থকা খাৰিজা-মানিকপুৰত কৃষ্ণাই নৈৰ দুই নং বালি মহলটো নিবিদাযোগে ২৩ লাখ ১০ হেজাৰ টকাত চাহাবুলে লাভ কৰিছে ।
মহলদাৰে ৭ বছৰত মহলটোৰ পৰা বালি খনন কৰি বিক্ৰী কৰা লিমিট হ'ল ১৪ হেজাৰ কিউবিক মিটাৰ । কিন্তু মহলটোৰ পৰা দৈনিক মাত্ৰ দুই পৰা আঢ়ৈ ট্ৰেক্টৰ বালিহে মহলদাৰে বিক্ৰী কৰিব পাৰে । কিন্তু কুখ্যাত বালি চোৰৰ চৰ্দাৰ ছাহাবুল ইছলাম ওৰফে ধনোই বন আৰু খনন বিভাগৰ সকলো নীতি-নিয়মক জলাঞ্জলি দি কৃষ্ণাই নৈৰ ৰঙা বালিৰ ওপৰত ভয়ংকৰ লুটৰাজ চলাই আহিছে ।
লগতে পঢ়ক:Goalpara DFO: বালি মাফিয়াৰে মিতিৰালি গোৱালপাৰা জিলা বন বিষয়াৰ