Illegal Burmese Supari seized : বোকাজানৰ খটখটিত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি - Burmese Supari seized
🎬 Watch Now: Feature Video


Published : Oct 13, 2023, 11:37 AM IST
ডিফু, 13 অক্টোবৰ : অসম আৰক্ষীয়ে নিচাযুক্ত ড্ৰাগছ আৰু অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে চলাই আছে ধাৰাবাহিক অভিযান ৷ কেইবাটাও অভিযান চলাই সফলতা লাভ কৰাৰ পিচত এইবাৰ সৰবৰাহৰ পথ সলাইছে সৰবৰাহকাৰীয়ে ৷ অবৈধভাৱে সৰবৰাহ কৰা বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে অভিযান চলাই থকাৰ মাজতে এইবাৰ বোকাজানৰ খটখটিত জব্দ হৈছে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি ৷
AS-05AC-0405 নম্বৰৰ এখন শিল কঢ়িওৱা ডাম্পাৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে চুপাৰিখিনি ৷ তথ্য অনুসৰি, ডিমাপুৰৰ পৰা নগাঁও অভিমুখে নি থকা অৱস্থাত খটখটি আৰক্ষীৰ নাকা তালাচীত জব্দ কৰা হয় এই বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰিখিনি ৷ লগতে চুপাৰিসহ খটখটি আৰক্ষীয়ে ডাম্পাৰখনৰ চালকজনকো আটক কৰিবলৈ সক্ষম হয় ৷
ধৃত চালকজন হৈছে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ বখতাৰ আলী ৷ অধিক তথ্যৰ বাবে চালকজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে খটখটি আৰক্ষীয়ে ৷
লগতে পঢ়ক : Burmese Supari seized:ডিফু ৰে’ল ষ্টেছনত অবৈধ বাৰ্মিজ চুপাৰিসহ এটা সৰবৰাহকাৰী আটক