IED recovered: সৌভাগ্যক্ৰমে ৰক্ষা পৰিল মাকুম; কোনে ৰাখিছিল IED ? - বোমা বিশেষজ্ঞ
🎬 Watch Now: Feature Video
তিনিচুকীয়া, ২৬ এপ্ৰিল: বুধবাৰে তিনিচুকীয়া জিলাৰ মাকুম বাইপাছ পথৰ উৰণীয়া সেতুত উদ্ধাৰ হয় এটা IED (IED recovered at Makum) ৷ ভাৰতীয় সেনা বাহিনীৰ তহলদাৰী দ’লে পুৱা প্ৰায় ১০ বজাত IED টো প্ৰত্যক্ষ কৰি IED টো উদ্ধাৰ কৰে (IED blast at Makum) ৷ তাৰ পাচতে পুৱাৰ পৰা বাইপাছৰ পথটো সম্পূৰ্ণ বন্ধ কৰি ৰাখে আৰক্ষী আৰু সেনাবাহিনীয়ে ৷ এই ঘটনাৰ পিচতে সমগ্ৰ মাকুমত বোমাৰ আতংকৰ সৃষ্টি হয় ৷ পৰৱৰ্তী সময়ত দিনজান সেনা চাউনিৰ বোমা বিশেষজ্ঞৰ এটা দল উপস্থিত হৈ দিনৰ প্ৰায় ১২ বজাত IED টো পথৰ কাষৰ সুৰক্ষিত স্থানত বিস্ফোৰিত কৰে ৷
তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে (SP Gourav Abhijit Dilip on IED recovered) ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া অনুসৰি, মাকুম বাইপাছ পথেৰে ভাৰতীয় সেনা বাহিনীৰ দলে প্ৰতিদিনে তহল দিবলৈ আহে ৷ আজি পুৱাও প্ৰায় ১০ বজাত সেনা বাহিনীৰ এটা দলে তহল দিবলৈ আহিছিল ৷
তেনে সময়তে উৰণীয়া সেতুৰ সমীপত এটা সন্দেহজনক IED দেখা পাই পথটো বন্ধ কৰি দিয়ে আৰু পৰৱৰ্তী সময়ত দিনজান সেনা চাউনিৰ বোমা বিশেষজ্ঞ আহি IED টো বিস্ফোৰিত কৰে ৷ IED টো বৰ বিশেষ শক্তিশালী নাছিল যদিও বিস্ফোৰণ কৰাৰ পাচতে বিস্ফোৰকসমূহ ফৰেনছিকলৈ প্ৰেৰণ কৰা হৈছে ৷
এই IED টো কোনোবা উগ্ৰপন্থী সংগঠনে কূটাঘাতমূলক ঘটনা সংঘটিত কৰিবলৈ ৰাখিছিল নেকি এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ৷