Sani temple of Jorhat : শতবৰ্ষ গৰকা শনি মন্দিৰৰ মূৰ্তি ভাঙিলে দুস্কৃতিকাৰীয়ে

By

Published : Jul 24, 2023, 2:22 PM IST

thumbnail

যোৰহাট, 24 জুলাই : দেৰগাঁৱৰ 100 বছৰীয়া ঐতিহ্যমণ্ডিত শনি মন্দিৰৰ মূৰ্তি ভঙাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দেৰগাঁৱত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । ইতিমধ্যে এই সৰ্ন্দভত মন্দিৰ কৰ্তৃপক্ষ আৰু ৰাইজে দেৰগাঁও সদৰ থানাত দাখিল কৰিছে এক এজাহাৰ । মন্দিৰ কৰ্তৃপক্ষই আৰক্ষী থানাত এজাহাৰ দাখিলৰ কেইমুহূৰ্তমান পিচতেই মন্দিৰ প্ৰাংগণ তথা চৌহদত উপস্থিত হয় আৰক্ষীৰ দল । 

আৰক্ষীয়ে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি জানিবলৈ পৰা গৈছে । দুস্কৃতিকাৰীক আটক কৰি কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে বৃহত্তৰ দেৰগাঁৱবাসী ৰাইজে । ইয়াৰোপৰি, এই ঘটনাৰ আলম লৈ বিভেদকামী পৰিৱেশৰ সৃষ্টি কৰিব নকৰিবলৈও সকলোকে আহ্বান জনাইছে স্থানীয় সচেতন ৰাইজে ।

লগতে পঢ়ক : Assam employment: নতুন নিযুক্তিৰ প্ৰতিশ্ৰুতি দি অপ্ৰয়োজনীয় চৰকাৰী পদ কৰ্তনৰ জাননী ৰাজ্য চৰকাৰৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.