Husband attacks wife: পাৰিবাৰিক সংঘাতৰ বাবেই পত্নীক অস্ত্ৰৰে আক্ৰমণ স্বামীৰ

By

Published : Oct 21, 2022, 9:46 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

কঠিয়াতলীৰ টুবুকীত চাঞ্চল্যকৰ ঘটনা । পত্নীক ডেগাৰেৰে আক্ৰমণ কৰি পলায়ন কৰে স্বামীয়ে ৷ এই অভিযোগ উত্থাপন কৰিছে প্ৰত্যক্ষদৰ্শী তথা স্থানীয় একাংশ ৰাইজে ৷ স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, দীৰ্ঘ দিন ধৰি টুবুকী গ্ৰাণ্ট গাঁৱৰ শ্বহীদ আলী আৰু তেওঁৰ পত্নীৰ মাজত চলি আছিল পাৰিবাৰিক সংঘাত ৷ এই পাৰিবাৰিক সংঘাতৰ বাবেই শুকুৰবাৰে ডেগাৰেৰে আক্ৰমণ কৰে তেওঁৰ পত্নী আচমা খাতুনক (Husband attacks wife with sharp weapon at Kathiatali)৷ স্বামীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় আচমা খাতুন ৷ স্থানীয় লোকৰ তৎপৰতাত আচমা খাতুনক নগাঁও চিকিৎসালয়লৈ নিয়া হয় যদিও বৰ্তমান উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.