Crime in Nagaon: নগাঁৱৰ ধিঙত গৰ্ভৱতী পত্নীৰ পেট ফালিলে স্বামীয়ে - অনন্ত নাথ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 14, 2023, 12:16 PM IST

নগাঁও, 14 জুন : নগাঁৱৰ ধিঙত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । এগৰাকী গৰ্ভৱতী মহিলাৰ পেটত স্বামীয়ে আঘাত কৰে ছুৰীৰে ৷  এই অমানুসিক আক্ৰমণৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ধিং অঞ্চলত ।

প্ৰাপ্ত খবৰ অনুসৰি ধিঙৰ ভকত গাঁও নিবাসী অনন্ত নাথ গৰ্ভৱতী পত্নীৰ সৈতে কিছু সংঘাতত লিপ্ত হৈছিল । কিন্তু এই পাৰিবাৰিক সংঘাতেই মঙলবাৰে নিশা ল’লে ভয়ংকৰ ৰূপ । নিশা পত্নীৰ সৈতে তৰ্কত লিপ্ত হোৱা স্বামী অনন্ত নাথে হঠাৎ আক্ৰমণ কৰিবলৈ উদ্যত হয় গৰ্ভৱতী পত্নীক । ঘৰত থকা চোকা অস্ত্ৰৰেই নিজৰ গৰ্ভৱতী পত্নীৰ পেটত আক্ৰমণ কৰে স্বামীয়ে ।

গৰ্ভৱতী পত্নীৰ পেটত চোকা অস্ত্ৰৰে হানি গুৰুতৰ ভাৱে আহত কৰে স্বামী অনন্ত নাথে । নিশাই গৰ্ভৱতী মহিলাগৰাকীক সংকট জনক অৱস্থাত উদ্ধাৰ কৰি ধিং FRU ত ভৰ্তি কৰাই পৰিয়ালৰ লগতে স্থানীয় লোকে । সম্প্ৰতি সংকটজনক অৱস্থাতে চিকিৎসাধীন হৈ আছে আহত মহিলাগৰাকী । আনহাতে এনে ভয়ংকৰ ঘটনা সংঘটিত কৰাৰ পিচতেই অভিযুক্ত স্বামী অনন্ত নাথে পলায়ন কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Jorhat police: যোৰহাট সদৰ থানা পৰাৰ পলায়ন কৰা চোৰক পুনৰ আটক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.