Barpetaroad firing case : ব্যৱসায়ীৰ বুকুত অস্ত্ৰ থৈ দুৰ্বৃত্তই লুটিলে 50 হাজাৰ টকা - ৰাধে কৃষ্ণ হাৰ্ডৱেৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 6, 2023, 10:15 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

শুকুৰবাৰে সন্ধিয়া বৰপেটাৰোডত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ চাৰিজনীয়া অস্ত্ৰধাৰী দুৰ্বৃত্তই বুকুত অস্ত্ৰ থৈ ব্যৱসায়ীৰ পৰা লুটি নিলে 50 হাজাৰ টকা (Money loot at Barpeta road)৷ ঘটনাৰ বিৱৰণী অনুসৰি, বৰপেটাৰোড পৌৰসভাৰ প্ৰাক্তন পৌৰপতি তথা বৰ্তমানৰ বিজেপি দলৰ ৱাৰ্ড কমিচনাৰ দিলীপ সাহাৰ পুত্ৰ দীপাংকৰ সাহা ওৰফে ডিম্পল সাহাৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলহভাংগাত থকা ব্যৱসায়িক প্ৰতিষ্ঠান “ৰাধে কৃষ্ণ হাৰ্ডৱেৰ’’ত সৰভোগ দিশৰ পৰা দুখন মটৰ চাইকেলেৰে চাৰিজনকৈ অস্ত্ৰধাৰী দুৰ্বৃত্তই প্ৰৱেশ কৰে ৷ প্ৰথমে এজন যুৱকে ব্যৱসায়িক প্ৰতিষ্ঠানত গ্ৰাহক হিচাপে প্ৰৱেশ কৰে ৷ তাৰ পাচত মুখমণ্ডল গামোচাৰে মেৰিয়াই আন দুজন অস্ত্ৰধাৰী দুৰ্বৃত্তই ব্যৱসায়িক প্ৰতিষ্ঠানটোত প্ৰৱেশ কৰি ব্যৱসায়ী ডিম্পলৰ বুকুত ডেগাৰ ধৰি যিমান টকা আছে দিবলৈ কয় । তেনেতে আন এটা দুৰ্বৃত্তই ব্যৱসায়ী ডিম্পল সাহাৰ বুকুত বন্দুক টোৱাই কেছ কাউণ্টাৰত থকা আটাইখিনি টকা লুট কৰে ৷ ইফালে প্ৰতিষ্ঠানটোত দুৰ্বৃত্ত সোমোৱাৰ খবৰ কলহভাংগাৰ গাঁওবাসীৰ মাজত প্ৰচাৰ হোৱাত উক্ত স্থানত ভিৰ কৰেহি গাঁওবাসী ৷ তেতিয়া দুৰ্বৃত্তৰ দলটিয়ে ব্যৱসায়িক প্ৰতিষ্ঠানটোত নিৰ্বিঘ্নে গুলী ফুটাই আঁতৰি যায় (Barpeta road firing case)৷ এই খবৰ লাভ কৰিয়েই ঘটনাস্থলীত বৰপেটাৰোড আৰক্ষী উপস্থিত হৈ দুৰ্বৃত্ত দলটোৰ বিৰুদ্ধে অভিযান চলায় ৷ অৱশ্যে বৰ্তমানেও দুৰ্বৃত্তৰ দলটোক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ৷ ইফালে এই ঘটনাৰ পাচতে এতিয়া নিৰাপত্তাহীনতাত ভূগিছে ভুক্তভোগী ব্যৱসায়ীগৰাকী ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.