thumbnail

Ganja seized in Guwahati: মহানগৰীত জব্দ কেইবা কোটি টকাৰ গাঞ্জা

By

Published : Nov 29, 2022, 2:23 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

মহানগৰীত পুনৰ জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা (Ganja seized in Guwahati)। মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত মংগলবাৰে পুৱা গড়চুকত চলিছিল এক অভিযান ৷ এই অভিযানকালত এখন ট্ৰেইলাৰৰ পৰা ৫০০ কিলোগ্ৰাম ওজনৰ গাঞ্জা জব্দ কৰাৰ লগতে চাৰি সৰবৰাহকাৰীক আটক কৰে অভিযানকাৰী দলটোৱে । ধৃত সৰবৰাহকাৰী কেইটা ক্ৰমে বিহাৰৰ মনিষ কুমাৰ, দিনবন্ধু কুমাৰ, সঞ্জয় কুমাৰ আৰু নবীন কুমাৰ বুলি জনালে আৰক্ষীয়ে । জব্দ কৰা ট্ৰেইলাৰখনৰ নম্বৰ হৈছে NL-01AA-3038। জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ৩.৫ কোটি টকা হ’ব বুলি জানিবলৈ দিলে মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্তগৰাকীয়ে ।
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.