Drugs seized in Bokajan : বোকাজানত ড্ৰাগছসহ আৰক্ষীৰ জালত দুজন

By

Published : Apr 18, 2023, 4:36 PM IST

thumbnail

ডিফু, 18 এপ্ৰিল : কাৰ্বি আংলঙত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । কাৰ্বি আংলঙৰ বোকাজানত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে তিনি কোটিৰো অধিক মূল্যৰ ড্ৰাগছ । কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত বৰপথাৰ আৰক্ষী চকীৰ খাকৰাজান নাকা চেকিঙত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক কৰে দুজনক (Two caught in police trap with drugs in Bokajan) ।

আৰক্ষীয়ে  উল্লেখ কৰা অনুসৰি, AS15AC5442 নম্বৰৰ এখন বাহনৰ পৰা বোকাজান আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি (Drugs seized in Bokajan) । জব্দ কৰা ড্ৰাগছখিনিৰ ওজন হৈছে 687.26 গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় 3 কোটি টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । ডিমাপুৰৰ পৰা বৰপেটা অভিমুখে লৈ যোৱা হৈছিল ড্ৰাগছখিনি । উক্ত ড্ৰাগছখিনিৰ সৈতে আৰক্ষীয়ে আব্দুল বাসীৰ ভূঞা আৰু চাফিকুল ইছলাম নামৰ দুজন ব্যক্তিকো আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে । 

লগতে পঢ়ক : Rangali Bihu celebration : কলিয়াবৰত মুকলি বিহুতলীত লোক-কৃষ্টিৰ পয়োভৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.