Assam govt completed 2 years: দুটা বছৰ সম্পূৰ্ণ কৰা নিজৰ চৰকাৰখনক মুখ্যমন্ত্রীয়ে কিমান নম্বৰ দিলে

By

Published : May 11, 2023, 9:59 AM IST

Updated : May 11, 2023, 11:52 AM IST

thumbnail

গুৱাহাটী, ১১ মে': মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে দুটা বছৰ সম্পূৰ্ণ কৰিলে (Assam govt completed 2 years) । সাধাৰণ নাগৰিকৰ দৃষ্টিত দুটা বছৰ সম্পূৰ্ণ কৰা চৰকাৰখনক কিমান নম্বৰ দিব প্ৰশ্ন কৰা হৈছিল মুখ্যমন্ত্রীক (Assam CM Himanta Biswa Sarma) । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয়, দুবছৰীয়া যিসমূহ পৰিকল্পনা আছিল সকলোবোৰ হৈ গ'ল । ১০০ নম্বৰৰ ভিতৰত ১০০ নম্বৰেই পাব । ১০০ৰ ভিতৰত ১১০-১১৫ নম্বৰ দিয়াৰ ব্যৱস্থা থাকিলে সিমানে দিব লাগিব (Himanta Biswa led Assam Govt completes 2 years) ।

তেওঁ আৰু কয়, সাধাৰণ মানুহে কেতিয়াও ভবা নাছিল যে অসমত এইমছ হৈ যাব, তিনিখনকৈ মেডিকেল কলেজো হৈ যাব (Assam Govt Achieves Milestones In Two Years) । ব্ৰহ্মপুত্রৰ ওপৰত ৬-৭ খন দলং হৈ যাব । কোনোবাই ভাবিলে ৯০ নম্বৰ দিব আৰু কোনেও নাভাবিলে ১১৫ নম্বৰ দিব । অসমত এদিনো বন্ধ নহ'ব, এটাও আন্দোলন নহ'ব বুলি কোনেও ভবা নাছিল ।

তেওঁ লগতে কয়- ’এইবোৰ কথা ময়েই ভবা নাছিলো গতিকে আনে ভবাৰ কথাই নাহে ।’ আন্দোলনকাৰী একেবাৰেই নোহোৱাই হৈ গ'ল বুলি উল্লেখ কৰি তেওঁ কয় যে গণতন্ত্ৰত দাবী থাকিব পাৰে । দাবী আন্দোলন নহয় । তেওঁ কয় যে দৃষ্টিগোচৰ কৰিব খোজা মানুহৰ সংখ্যা ঠিকেই আছে, কিন্তু প্ৰতিবাদ কৰা মানুহৰ সংখ্যা প্ৰায় নোহোৱাই হৈ গ'ল বুলি ক'ব পাৰি ।

লগতে পঢ়ক: Teacher Appointment: শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নতুন নিয়ম, টেট উত্তীৰ্ণয়ো দিব লাগিব পৰীক্ষা

Last Updated : May 11, 2023, 11:52 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.