জ্যেষ্ঠ শিল্পী ভূপেন উজীৰ ICU ত
🎬 Watch Now: Feature Video
গুৱাহাটী, 8 জানুৱাৰী : বিশিষ্ট সংগীত পৰিচালক, ৰাজ্যৰ এগৰাকী আগশাৰীৰ শব্দযন্ত্ৰী ভূপেন উজীৰ অসুস্থ । দীৰ্ঘদিনে শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আছে শিল্পীগৰাকী । বৰ্তমান মহানগৰীৰ নেমকেয়াৰ হাস্পতালৰ ICU ত চিকিৎসাধীন হৈ আছে ভূপেন উজীৰ ৷ বিগত 1 জানুৱাৰীৰ পৰাই চিকিৎসাধীন হৈ আছে শিল্পীগৰাকী ।
চিকিৎসকে জনোৱা মতে, বৰ্তমানো সংকটমুক্ত নহয় শিল্পী ভূপেন উজীৰ ৷ বৰ্তমান নেমকেয়াৰ হাস্পতালৰ বিশেষজ্ঞ চিকিৎসকৰ দল এটাৰ তৎপৰতাত শিল্পীগৰাকীৰ চিকিৎসা চলাই থকা হৈছে । জ্যেষ্ঠ চিকিৎসক ডাঃ হিতেশ বৰুৱাই উল্লেখ কৰা অনুসৰি বৰ্তমান ICU ত আছে শিল্পীগৰাকী ।
তেওঁৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমানো সংকটমুক্ত নহয় । অভিজ্ঞ চিকিৎসকৰ দল এটাৰ নিৰিক্ষণত আছে তেওঁ ৷ বৰ্তমান কিডনী, লিভাৰ আৰু হাওঁফাওঁৰ সংক্ৰমণৰ কাৰণে ICU ত ৰাখিবলগীয়া হৈছে শিল্পীগৰাকীক । পৰৱৰ্তী সময়ত হয়তো শিল্পীগৰাকীক ডায়ল’ছিচৰ প্ৰয়োজন হ'ব পাৰে ।
সুস্থিৰ অৱস্থালৈ উভতি নহালৈকে সম্ভৱত তেওঁক ICU তে ৰখা হ'ব বুলিও উল্লেখ কৰে চিকিৎসক ডাঃ হিতেশ বৰুৱাই ৷ ডাঃ বৰুৱাই উল্লেখ কৰা মতে, পূৰ্বৰে পৰা ভূপেন উজীৰৰ শৰীৰত হিম’গ্ল’বিনৰ মাত্ৰা কমি আছিল । সেয়ে পূৰ্বৰে পৰা চিকিৎসা চলিয়ে আছিল শিল্পীগৰাকীৰ ।
লগতে পঢ়ক : উইংচ অৱ্ হাজৰিকাৰ বাবে জখলাবন্ধাত যানজঁট