thumbnail

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 2:31 PM IST

ETV Bharat / Videos

ভয়ংকৰ; তীব্ৰবেগী ডাম্পাৰে মহতিয়ালে ট্ৰেফিক পইণ্ট

গুৱাহাটী,৬ জানুৱাৰী: শনিবাৰে পুৱাই মহানগৰীৰ খানাপাৰাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । তীব্ৰ বেগী ডাম্পাৰে মহতিয়াই নিলে ট্ৰেফিক পইন্ট । দুৰ্ঘটনাত সম্পূৰ্ণৰূপে ভাঙি নিঃশেষ হৈ যায় কইনাধৰা ট্ৰেফিক পইন্ট । দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হয় CCTV কেমেৰাত । দুৰ্ঘটনাগ্ৰস্থ ডাম্পাৰখনৰ নম্বৰ NL-01A-1934 । ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ চালকজনৰ নাম শিৱ ৰায় বুলি জানিব পৰা গৈছে ।  

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি শনিবাৰে পুৱাৰ ভাগত যোৰহাটৰ পৰা জালুকবাৰী অভিমুখে তীব্ৰ বেগে আহি আছিল ডাম্পাৰখন । পিছত নিয়ন্ত্ৰণ হেৰুৱাই ডাম্পাৰখনে কইনাধৰা ট্ৰেফিক পইন্টত খুন্দা মাৰে । ফলত কথমপি ৰক্ষা পৰে কৰ্তব্যত নিয়োজিত হৈ থকা দুজনকৈ যান-বাহন আৰক্ষী । দুৰ্ঘটনাটোত ডাম্পাৰখনৰ সম্পূৰ্ণৰূপে ক্ষতি হোৱাৰ লগতে চালকজনেও কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে । সেই স্থানত নিয়োজিত হৈ থকা যান-বাহন আৰক্ষীয়ে জনোৱা অনুসৰি শিল কঢ়িয়াই অনা ডাম্পাৰখনৰ চালকজনে অত্যাধিক সুৰাপান কৰাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো । 

লগতে পঢ়ক: অভিশপ্ত বালিজানত আবদ্ধ কয়লাভৰ্তি ট্ৰাক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.