Holi Celebration 2023 : আবিৰৰ ৰঙত মতলীয়া মাজুলীয়াল - গোঁসাইৰ মূৰত দিয়া হৈছে ফাকু
🎬 Watch Now: Feature Video

মাজুলী, 7 মাৰ্চ : ৰাজ্যজুৰি আজিৰে পৰা আৰম্ভ হৈছে আৰম্ভ হৈছে ফাকুৱা অৰ্থাৎ দৌল মহোৎসৱ (Holi festival celebrated in Assam) ৷ আজি ৰাজ্যৰ বিভিন্ন স্থানত গোঁসাইৰ মূৰত দিয়া হৈছে ফাকু ৷ গোঁসাই মূৰত ফাকু দি প্ৰতিগৰাকী ভক্তই বিচাৰিছে আশীষ ৷ ব্যতিক্ৰম নহয় মাজুলীও (Holi festival celebrated in Majuli) ৷
সমগ্ৰ ৰাজ্যৰ লগতে সত্ৰ নগৰী মাজুলীতো ৰঙৰ উৎসৱ ফাকুৱাক লৈ এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে । আবিৰৰ ৰঙত ৰঙীন হৈ পৰিছে মাজুলীৰ আকাশ বতাহ । মঙলবাৰে পুৱাৰে পৰা মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰটো এক দৃষ্টি নন্দন পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ।
মাজুলীলৈ সমাগম ঘটিছে অগণন ভক্তৰ ৷ লগতে মাজুলীৰ ফাকুৱা উৎসৱত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মাজুলীলৈ আহিছে বহু বিদেশী পৰ্যটকো ৷ জানিব পৰা মতে, মাজুলীত সোমবাৰৰ পৰা তিনিদিয়াকৈ পালন কৰা হৈছে ফাকুৱা উৎসৱ । মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰ, নতুন চামগুৰি সত্ৰ, বেঙেনাআটি সত্ৰ, গড়মূৰ সত্ৰত পালন কৰা হৈছে ৰঙৰ এই ফাল্গু উৎসৱটি ।
চামগুৰি সত্ৰত আধ্যাত্মিক পৰিৱেশ মাজেৰে আৰম্ভ হয় দ্বিতীয় দিনা কাৰ্যসূচী । পুৱা আয়তীসকলৰ নাম পৰিৱেশন কৰাৰ পিচতে খোল প্ৰসংগৰে আৰম্ভ কৰা হয় ফাকুৱাৰ কাৰ্যসূচী । ইফালে ব্যস্ততাৰ মাজতো বিদেশী পৰ্যটকৰ আপ্যায়নত কোনো ক্ৰতি ৰখা নাই প্ৰতিগৰাকী মাজুলীয়ালে ৷ এয়াই এতিয়া মাজুলীৰ ৰঙীল পৰিৱেশ ৷
লগতে পঢ়ক : Holi Celebration 2023 : মূল্যবৃদ্ধিৰ প্ৰভাৱ ফাকুৱাৰ বজাৰতো, মহানগৰীত উভৈনদী ফাকুৱাৰ বিভিন্ন উপকৰণ