Ramkha Peeth Devalaya: ঐতিহাসিক ৰামখাপীঠ দেৱালয়ৰ ইতিহাস আৰু পৰম্পৰা - ঐতিহাসিক ৰামখাপীঠ দেৱালয়ৰ ইতিহাস আৰু পৰম্পৰা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 3:10 PM IST

আমগুৰি, ১১ অক্টোবৰ: ৰাজ্যৰ চৌদিশে দুৰ্গাপূজা আয়োজনৰ চলিছে ব্যাপক প্ৰস্তুতি । শিৱসাগৰ জিলাৰ ঐতিহাসিক শ্ৰীশ্ৰী ৰামখাপীঠ দেৱালয়তো চলিছে দুৰ্গাপূজা আয়োজনৰ ব্যাপক প্ৰস্তুতি । প্ৰাচীন শক্তিপীঠ হিচাপে পৰিচিত স্বৰ্গদেও লক্ষ্মী সিংহই পুনৰ প্ৰতিষ্ঠা কৰা শ্ৰীশ্ৰী ৰামখাপীঠ দেৱালয় অন্যতম জাগ্ৰত দেৱালয় ।

সম্পূৰ্ণ জাকজমকতা পৰিহাৰ কৰি আধ্যাত্মিক সত্তাৰে এইবাৰ ৰামখাপীঠ দেৱালয়ত পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব দুৰ্গা পূজা ৷ ইতিহাসৰ তথ্য অনুসৰি ১৭৬৯ চনৰ পৰা ১৭৭৫ চনৰ কোনোবা এটা দিনত আহোম স্বৰ্গদেও লক্ষ্মী সিংহই ৰংপুৰৰ ৰাজ কাৰেঙৰ পৰা ৰূপহী জান হৈ নাৱৰে গৈ থকা অৱস্থাত তেওঁৰ নাওঁখন দিখৌমুখৰ দিখৌ, দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলীত ৰৈ যায় ।

সৈন্য-সামন্তৰ পৰা আৰম্ভ কৰি হাতীৰ দ্বাৰাও বহু চেষ্টা কৰি নাওখন লৰচৰ কৰাব নোৱাৰিলে স্বৰ্গদেও লক্ষ্মী সিংহই । অৱশেষত ৰাতি ৰজাই সপোন দেখিলে যে সেই স্থানত সতীৰ বিগ্ৰহ আছে আৰু বিশেষ কোনো এক স্থানৰ পৰা পূজাৰী আনি পূজা কৰি বিগ্ৰহ প্ৰতিষ্ঠা কৰিলেহে তেওঁ সেই স্থানৰ পৰা যাব পাৰিব ।

ৰজাই সপোনত দেৱী কৰা নিৰ্দেশমতে সেই বিশেষ স্থানৰ পূজাৰীক নি বলি বিধান দি পূজা সম্পন্ন কৰায় আৰু নদীৰ মাজৰ পৰা সতীৰ শিলৰ বিগ্ৰহ উদ্ধাৰ কৰি সেই স্থানত প্ৰতিষ্ঠা কৰে । দেৱীৰ বুকুৰ পৰা নাভী অংশৰ শিলৰ মূৰ্তি উদ্ধাৰ কৰিছিল । স্বৰ্গদেও লক্ষ্মী সিংহই সেই স্থানত এখন পীঠ নিৰ্মাণ কৰি দিয়ে । সেই পীঠখনেই ৰামখাপীঠ হিচাপে জনাজাত হয় ।

অৱশ্যে ৰামখাপীঠ দেৱালয় কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল তাৰ সঠিক তথ্য ক‘তো উল্লেখ নাই ৷ বুৰঞ্জীবিদসকলে চুতীয়াসকলে ইয়াৰ প্ৰতিষ্ঠাতা বুলি ধাৰণা কৰিছে ৷ যিহেতু আহোমসকলৰ অসম আগমণৰ বহু পূৰ্বে দিখৌমুখত এই পীঠ আছিল ৷ তেতিয়া দেৱালয়খনক দেওশাল বুলিহে জনা গৈছিল ৷ যিখন দেওশালত স্বৰ্গদেউ চাওলুং চুকাফাই বলি বিধান দিছিল ৷

যুদ্ধ জয়ৰ পিচত চাওলুং চুকাফাই ৰামখা দেওশালত পূজা দিছিল ৷ আনকি দেওশালৰ উন্নয়নৰ বাবে স্বৰ্গদেউৱে ধন-সোণ পৰ্যন্ত আগবঢ়াইছিল ৷ ইমানেই নহয়, স্বৰ্গদেউ চুতেওফাই এই দেওশাল প্ৰত্যক্ষ কৰি খাজনা ৰেহাই দিছিল ৷ কালক্ৰমত এই পীঠখন ব্ৰহ্মপুত্ৰ আৰু দিখৌ নদীৰ খহনীয়াত চাৰিবাৰকৈ আন স্থানলৈ হস্তান্তৰ কৰিবলগীয়া হয় ।

ব্ৰহ্মপুত্ৰৰ বুকুত যেতিয়া এই পীঠখন বিলীন হৈ পৰিছিল তেতিয়া বহু সামগ্ৰী উদ্ধাৰ কৰিব নোৱাৰিলে যদিও শিলত খোদিত কেইটামান মূৰ্তি, বলি দিয়া তিনিখন দা, শিলৰ প্ৰকাণ্ড মন্দিৰৰ টোপ উদ্ধাৰ কৰি এতিয়া দেৱালয়খনত সংৰক্ষণ কৰি ৰখা হৈছে ।

লগতে পঢ়ক: Durga Puja 2023:শৰৎ অহাৰ লগে লগে ধৰালৈ নামিছে দেৱী দুৰ্গা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.