উথপথপ জোনবিল মেলাৰ বাকৰি, এদিন বাবে দেওঁৰাজ্যত অচল আধুনিক মুদ্ৰা

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 12:00 PM IST

thumbnail

মৰিগাঁও, 19 জানুৱাৰী : ঐতিহ্যমণ্ডিত গোভা দেওঁৰাজ্যৰ জোনবিল মেলা বাকৰিত অনুষ্ঠিত হৈছে পৰম্পৰাগত ঐতিহ্যমণ্ডিত বিনিময় প্ৰথা । পুৱতি নিশাৰ পৰা মেলাথলীত পাহাৰৰ উৎপাদিত আলু, কচু, হালধি, জালুক, তেজপাত, ৰঙালাও, কোমোৰা আদিৰে ভৈয়ামৰ খান্দহ চিৰা, পিঠা, তিলৰ লাড়ু, নাৰিকলৰ লাড়ুৰ সৈতে বিনিময় চলিছে । পুৱা ভাগত বিনিময় প্ৰথা উদ্বোধন কৰে অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ তথা মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীয়ে । 

উদ্বোধন কৰি সংবাদ মাধ্যমৰ সন্মুখত জোনবিল মেলাৰ বাবে চৰকাৰক এশ বিঘা মাটি আৱন্টন দিবলৈ আহবান জনায় । এক কথাত ক’বলৈ গ’লে ঐতিহাসিক জোনবিল মেলাৰ দ্বিতীয় দিনাখনত অচল হৈ পৰিল আধুনিক মুদ্ৰা । পুৱা ভাগত অনুষ্ঠিত বিনিময় প্ৰথাৰ সম্পাদন কাৰ্যসূচীত অংশগ্ৰহণ কৰে তিৱা স্বায়ত্তপৰিষদ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ । এই অনুষ্ঠানৰ আঁত ধৰে জোনবিল মেলা পৰিচালনা সমিতিৰ সম্পাদক জুৰচিং বৰদলৈয়ে ।

দুপৰীয়া ভাগলৈ অনুষ্ঠিত ৰাজদৰবাৰত উপস্থিত থাকিব প্ৰাচীন গোভা ৰাজ্যৰ প্ৰতীকী ৰজা দীপসিং দেউৰজাকে প্ৰমুখ্যে কৰি 19 গৰাকী প্ৰতীকী ৰজা ।ৰজাসকলক প্ৰদান কৰা হ’ব চৰকাৰী সাহাৰ্য ৷

লগতে পঢ়ক: পাহাৰৰ পৰা নামিল মামা-মামী; তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত পৰম্পৰাগত জোনবিল মেলা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.