International Taekwondo : আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডোত গোলাঘাটৰ হিমাদ্ৰী বৰাৰ স্বৰ্ণ পদক

By

Published : Jan 12, 2023, 6:59 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

গোলাঘাট টাইকোৱানডো এছ'চিয়েচনৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি অসমৰ পৰা দেশৰ হৈ আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰা খেলুৱৈৰ সফলতা (Assam player success in International Taekwondo) । দিল্লীৰ টালকোটৰা ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত Grandmaster Lee Jeonghee Cup, Open Indian International Taekwondo Championship-2023-ত হিমাদ্ৰী বৰাই ছাব-জুনিয়ৰৰ ৩৭ কেজি শাখাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় । দৈগ্ৰোঙৰ ভাস্কৰ বৰা আৰু চুমি বৰাৰ দ্বিতীয়া কন্যা হিমাদ্ৰী বৰাই পদক অৰ্জন কৰি নিজগৃহত উপস্থিত হৈছেহি (Golaghat Taekwondo player won gold in Delhi) । খেলুৱৈগৰাকী নিজা বাসগৃহত উপস্থিত হোৱাৰ লগে লগে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে উষ্ম আদৰণি জনায় । উল্লেখ্য, উক্ত প্ৰতিযোগিতাত ভাৰতৰ হৈ 36 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে । বিভিন্ন ৰাষ্ট্ৰৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হোৱা হিমাদ্ৰীৰ সফলতাত গোলাঘাটৰ দৈগ্ৰোঙৰ ক্ৰীড়াপ্ৰেমী উৎফুল্লিত হৈ পৰিছে (Himadri Bora won gold in International Taekwondo) ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.