thumbnail

Rangali Tingkhang-2023: জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত ড্ৰাম বজালে হিমা দাসে

By

Published : May 7, 2023, 6:36 PM IST

মৰাণ,৭ মে': ৰঙালী টিংখাং-২০২৩ ত অন্য এক ৰূপত দেখা গ'ল ধিং এক্সপ্ৰেছ হিমা দাসক । জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত হিমাই বজালে ড্ৰাম (Hima Das plays drum at Rangali Tingkhang) । টিংখাঙৰ লেঙেৰীত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা "ৰঙালী টিংখাং "Northeast-A Cultural Melting Pot" ৰ শেষৰ নিশা জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে সংগীত পৰিৱেশনেৰে মুহিলে ৰাইজক (Rangali Tingkhang-2023) ।  

এই অনুষ্ঠানত উপস্থিত হৈছিল ধিং এক্সপ্ৰেছ হিমা দাস । ইয়াৰ পাছতেই মঞ্চত উপস্থিত হোৱা হিমা দাসক ৰাইজে দেখিবলৈ পালে অন্য এক ৰূপত । জুবিন গাৰ্গৰ কেইবাটাও গীতত ড্ৰাম বজাই ৰঙালী টিংখাং-২০২৩ ৰ মঞ্চত চমক দিলে হিমা দাসে (Hima Das plays drum at Zubeen Garg concert) । আনহাতে হিমাৰ অনুৰোধ ৰক্ষা কৰি হিমাৰ প্ৰিয় গীত মন যায় গালে জুবিন গাৰ্গে । এইদৰে প্ৰথমবাৰলৈ ব্যতিক্ৰমী ৰূপত দেখা গ'ল ধিং এক্সপ্ৰেছ হিমা দাসক । 

লগতে পঢ়ক: Show Cause notice to AIUDF MLA : মন্ত্রী পীযুষ হাজৰীকাক তোষামোদ কৰিবলৈ গৈ বিপদত বিধায়ক নিজামউদ্দিন চৌধুৰী

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.