karate competition: বৰপেটাত ৰাজ্যিক ভিত্তিত কাৰাটে প্ৰতিযোগিতা - বৰপেটাত ৰাজ্যিক ভিত্তিত কাৰাটে প্ৰতিযোগিতা
🎬 Watch Now: Feature Video
বৰপেটা, ৩০ জুলাইঃ দেওবাৰে বৰপেটাত অনুষ্ঠিত ৰাজ্যিক ভিত্তিত কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে দৌৰৰাণী হিমা দাসে ৷ শ্বিলঙৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশ লোৱা প্ৰতিযোগিতাখন উদ্বোধন কৰে ধিং এক্সপ্ৰেছখ্যাত হিমা দাসে ৷
দুটা শাখাত অনুষ্ঠিত প্ৰতিযোগিতাখন উদ্বোধন কৰি দৌৰ ৰাণী হিমা দাসে শেহতীয়াভাৱে অলিম্পিকত কাৰাটে প্ৰতিযোগিতাই স্থান লাভৰ কথা সদৰী কৰে ৷ অলিম্পিকত কাৰাটেৰ অন্তৰ্ভুক্তি অতিকে ভাল খবৰ বুলিও উল্লেখ কৰি বৰপেটাৰ পৰাও অলিম্পিকত কোনোবা খেলুৱৈয়ে অংশ ল’ব বুলিও আশাবাদী হিমা দাস ৷
দেওবাৰে কাৰাটে প্ৰতিযোগিতাখনত ‘সদৌ অসম কিয় কুচিন কাই কান কাৰাটে’ৰ ৰাজ্যিক সমিতিৰ সভাপতি হিমাশু কুমাৰ দাসকে ধৰি কেইবাগৰাকীও ক্ৰীড়াবিদে অংশগ্ৰহণ কৰে ৷ প্ৰতিযোগতাখনিত হিমা দাসক বৰপেটাৰ একাধিক দল সংগঠন আৰু ক্ৰীড়াৰ সৈতে জৰিত অনুষ্ঠানে সম্বৰ্ধণা জ্ঞাপন কৰে ৷
লগতে পঢ়ক:Female maoist surrendered : মহিলা মাওবাদীৰ আত্মসমৰ্পণ, ৫ লাখৰ পুৰস্কাৰ আছিল মাওবাদীগৰাকীৰ ওপৰত