Success of Chandrayaan-3: বিক্ৰম লেণ্ডাৰৰ হাই ৰিজ’লিউশ্বন কেমেৰা প্ৰস্তুত কৰিছিল বিজ্ঞানী অনুজ নন্দীয়ে - ISRO ক লৈ এতিয়া গৰ্বিত দেশবাসী
🎬 Watch Now: Feature Video
Published : Aug 29, 2023, 12:17 PM IST
ধেমাজি, 29 আগষ্ট : সমগ্ৰ বিশ্ববাসীক চমক দেখুওৱাবলৈ সক্ষম হোৱা ISRO ক লৈ এতিয়া গৰ্বিত দেশবাসী ৷ ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিক লৈ সৰ্বত্ৰে চলি আছে চৰ্চা ৷ ইতিমধ্যে কেইবাটাও বছৰ আৰু কেইবা সহস্ৰাধিক বৈজ্ঞানিকৰ অহৰহ প্ৰচেষ্টাৰ ফলত চন্দ্ৰযান-3 ৰ অভিযান সফল হৈছে ৷
সকলোৰে জ্ঞাত যে, চন্দ্ৰযান-3 ৰ লগতে ভাৰতৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰো বহু বিজ্ঞানী জড়িত হৈ আছে ৷ লখিমপুৰৰ চয়ন দত্ত, জামুগুৰিহাটৰ উদ্দীপনা কলিতা, তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মাৰ লগতে চন্দ্ৰযান-3 ৰ লগত জড়িত হৈ আছে ধেমাজি সদৰৰ নলনিপাম গাঁৱত জন্মগ্ৰহণ কৰা বৰ্তমান ISRO ৰ বিজ্ঞানী অনুজ নন্দী ৷
চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-3 ৰ সফল অৱতৰণৰ পাচত এতিয়া আনন্দৰ বন্যা বৈছে অনুজ নন্দীয়ে জন্মগ্ৰহণ কৰা নলনিপাম গাঁৱত ৷ জানিব পৰা মতে, অনুজ নন্দীয়ে সাজি উলিয়াইছে চন্দ্ৰযান-3 ৰ বিক্ৰম লেণ্ডাৰত সংস্থাপন কৰা হাই ৰিজ’লিউশ্বন কেমেৰা ৷
লগতে পঢ়ক : Chadrayaan 3 Mission: বিদেশৰ লোভনীয় দৰমহাৰ চাকৰিৰ মোহ ত্যাগ কৰি দেশৰ গৌৰৱৰ হকে আত্মনিয়োগ কৰিছিল বিজ্ঞানী চয়ন দত্তই