High price hike of vegetables:মৰাণতো পাচলিৰ বজাৰত লাগিছে জুই

By

Published : Jul 4, 2023, 4:56 PM IST

thumbnail

মৰাণ, 4 জুলাই : দিনটোৰ এসাজ উদৰ পূৰাই খাবলৈয়ো এতিয়া চিন্তা হৈছে অসমৰ ৰাইজৰ ৷ অভাৱনীয় হাৰত বৃদ্ধি পাইছে শাক-পাচলিৰ মূল্য ৷ মোনা ভৰাই বজাৰ কৰাটো আনকি দূৰৈৰ কথা, দিনটোৰ এসাজ খাবলৈয়ো চিন্তা হৈছে সাধাৰণ জনতাৰ ৷

ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে মৰাণতো পাচলিৰ বজাৰত লাগিছে জুই ৷ অত্যধিক মূল্যবৃদ্ধিত বিপৰ্য্যস্ত হৈ পৰিছে সাধাৰণ গ্ৰাহক ৷ বৰষুণ-বানপানীৰ বাবে হোৱা এই মূল্যবৃদ্ধিক নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰক দাবী জনাইছে সৰ্বসাধাৰণ ৰাইজে ৷

ৰাজ্যত নেৰা-নেপেৰা বৰষুণ আৰু বানৰ ফলত এতিয়া পাচলিৰ বজাৰত লাগিছে জুই ৷ থলুৱাভাৱে উৎপাদন হ্ৰাস হোৱাৰ ফলত চৰা দামত পাচলি ক্ৰয় কৰিবলগীয়া হৈছে ৰাইজে ৷ মৰাণৰ বিভিন্ন সাপ্তাহিক আৰু দৈনিক বজাৰত এতিয়া পাচলিৰ অভাৱনীয় মূল্যবৃদ্ধিৰ ফলত গ্ৰাহক-বিক্ৰেতা সকলোৱে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷

মৰাণৰ বজাৰত এতিয়া প্ৰতি কেজি বিলাহীৰ দাম ৮০ ৰ পৰা ১০০ টকা, প্ৰতি কেজি কেঁচা জলকীয়াৰ দাম ১০০ টকা আৰু আদাৰ দাম ২০০ টকালৈকে বৃদ্ধি পাইছে ৷ জিকা, ভেন্দি, কুন্দুলী, লেচেৰা আদি পাচলিৰ দাম প্ৰতি কেজি ৭০/৮০ টকা ৷ ফলত বজাৰ কৰিবলৈ গৈ খালী মোনা লৈয়ে উভতিব লগীয়া হৈছে সাধাৰণ গ্ৰাহক ৷

শ্ৰমিক, দিন-হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা লোকৰ বাবে মোনা ভৰাই বজাৰ কৰাতো কল্পনা মাথোন ৷ পাচলিৰ এনে অত্যধিক মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি ৰাইজক সকাহ দিবলৈ চৰকাৰলৈ আহ্বান জনাইছে সৰ্বসাধাৰণ গ্ৰাহক ৰাইজে ৷ 

লগতে পঢ়ক : Vegetable price hike: মহঙা হ’ল শাক-পাচলি; 100 টকাৰ তলত বজাৰত একোৱেই নাই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.